NORTHEAST NOW (Assamese)
Popular Stories

পূৰ্ণগতিত চলি আছে ৰবী শৰ্মাৰ নতুন অসমীয়া ছবি ‘ৰঘুপতি’ৰ নিৰ্মাণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 2, 2020 5:14 pm

পুৰুষোত্তম ৰজা ৰাম চন্দ্ৰৰ আন এটা নাম ৰঘুপতি। তেওঁৰ জীৱন কথাৰ পৰাই অনুপ্ৰাণিত হৈ অসমৰ জনপ্ৰিয় অভিনেতা ৰবী শৰ্মাই প্ৰথমবাৰৰ বাবে কাহিনী, চিত্ৰনাট্য আৰু সংলাপেৰে নিৰ্মাণ কৰিছে পূৰ্ণদৈঘ্যৰ অসমীয়া ছবি ‘ৰঘুপতি’।

ছবিখনত এজন ACS বিষয়াৰ যাত্ৰা দেখাবলৈ প্ৰয়াস কৰা হৈছে। বিষয়াজনৰ নামটো ৰঘুপতি গতিকে ৰঘুপতি নামটোৰ মৰ্য্যাদা ৰাখিবলৈ তেওঁ কৰিবলগীয়া ত্যাগ, দ্বায়িত্ব, কৰ্তব্য আদি ছবিখনত দেখা যাব।

লগতে ছবিখনত আছে বাংলাদেশী প্ৰসংগ, সমন্বয়ৰ ভাব, সমাজত নাৰীৰ মৰ্য্যদাৰ প্ৰসংগ।

মূখ্য চৰিত্ৰত আছে ৰবী শৰ্মা আৰু প্ৰীতি কংকনা। সিদ্ধাৰ্থ মূখাৰ্জি, সৌৰভ হাজৰিকা, অৰুণ নাথ, ৰাজ শৰ্মা, কেকে দা হিচাপে জনপ্ৰিয় সিদ্ধাৰ্থ শৰ্মাকে ধৰি কেইবাজনো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ছবিখনত অভিনয় কৰিছে।

ইতিমধ্যে ছবিখনৰ বহু শতাংশ কাম সম্পূৰ্ণ হৈছে। প্ৰনয় আৰু অৰ্শ্চান্তে সংগীত পৰিচালনা কৰা ছবিখনৰ গীত সমূহত কণ্ঠ দান কৰিছে জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, দিক্ষু আৰু নিলাক্ষিয়ে। প্ৰমোচন গীত গাব আচুয্য বৰপাত্ৰই।

ছবিখনে দৰ্শকৰ মন জয় কৰিব পাৰিব বুলি উল্লেখ কৰি ইয়াৰ কাৰিকৰী দিশ যথেষ্ট উচ্চ মানৰ হৈছে বুলি উল্লেখ কৰি ৰবী শৰ্মাই কয়, ‘দেশৰ বা ৰাজ্য বাহিৰত থকা প্ৰতিজনে ৰঘুপতি ছবিখন সগৌৰৱে নিজে চোৱাৰ লগতে আনকো দেখাব পাৰিব।‘

ছবিখনৰ প্ৰযোজনা সুৰজ শৰ্মাৰ, পৰিচালনা কৰিছে সুব্ৰতে আৰু কেমেৰাৰ কাম কৰিছে প্ৰদীপ দৈমাৰীয়ে। চলিত বৰ্ষতে ছবিখনে মুক্তি লাভ কৰিব।