NORTHEAST NOW (Assamese)
Popular Stories

ক’ৰ’না ভাইৰাছৰ ঔষধ আৱিষ্কাৰ; দাবী থাইলেণ্ডৰ চিকিৎসকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 3, 2020 1:13 pm

ক’ৰ’না ভাইৰাছৰ আতংক এতিয়া চীনতে সিমিত হৈ থকা নাই। সমগ্ৰ বিশ্বই এতিয়া ইয়াকলৈ চিন্তাত পৰিছে। চীনত বৰ্তমানলৈকে কৰ’ণা ভাইৰাছত আক্ৰান্ত ৩৬০ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

চিকিৎসকলে উক্ত প্ৰাণনাশী ভাইৰাছৰ বিৰুদ্ধে দিনে-নিশাই যুঁজ চলাই আছে যদিও ৰোগীক আৰোগ্য কৰাত বিশেষ কোনো ফল লাভ কৰা নাই।

অৱশ্যে ইয়াৰ মাজতে থাইলেণ্ডৰ এটা চিকিৎসকৰ দলে এইক্ষেত্ৰত কিছু আশাৰ খবৰ আনিছে।

দেশখনৰ স্বাস্থ্য বিভাগে দাবী কৰা মতে কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ হস্পিতালত ভৰ্তি হৈ থকা এগৰাকী মহিলা ওপৰত প্ৰয়োগ কৰা ঔষধে ভাল ফল দেখুৱাইছে।

থাইলেণ্ডৰ এগৰাকী চিকিৎসকে জনোৱা মতে চীনৰ উক্ত ৭১ বছৰীয়া মহিলা গৰাকীক ফ্লু আৰু HIVৰ এণ্টি ভাইৰেল সংমিশ্ৰণ কৰি তৈয়াৰ কৰা ‘ককটেল’ৰে চিকিৎসা কৰা হৈছিল।

চিকিৎসাৰ ৪৮ ঘণ্টাৰ ভিতৰতে তেওঁ সুস্থ হৈ উঠা বুলি দাবী কৰি চিকিৎসকে লগতে কয় যে মহিলা গৰাকীৰ দেহত বৰ্তমান ক’ৰ’না ভাইৰাছৰ উপস্থিতি নাই।

উল্লেখযোগ্য যে থাইলেণ্ডত দেওবাৰৰলৈকে ১৯ গৰাকী ব্যক্তিৰ দেহত কৰ’ণা ভাইৰাছ পোৱা গৈছে। ভাৰতত এই পৰ্যন্ত তিনিজন ব্যক্তি আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে।