NORTHEAST NOW (Assamese)
অসম

সীমান্তত বৃদ্ধি পাইছে পাকিস্তানী সেনাৰ আগ্ৰাসন; ৯ মাহত দুহেজাৰৰো অধিকবাৰ যুদ্ধবিৰতি উলংঘন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 4, 2020 7:22 pm
Pakistani Army

ভাৰত-পাকিস্তান সীমান্তত বন্ধ হোৱা নাই পাকিস্তানৰ আগ্ৰাসন। বিগত ৯ মাহত জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাত পাকিস্তানী সেনাই ২ হাজাৰ ৩৩৫ বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে।

সোমবাৰে ৰাজ্যসভাত দিয়া লিখিত উত্তৰত প্ৰতিৰক্ষা মন্ত্ৰীয়ে ২০১৯ চনৰ ৩০ মে’ৰ পৰা ২০২০ চনৰ ২০ জানুৱাৰি পৰ্যন্ত জম্মু-কাশ্মীৰৰ ভাৰত-পাক সীমান্তত পাকিস্তানে ২ হাজাৰ ৩৩৫ বাৰ যুদ্ধবিৰতি উলংঘন কৰিছে বুলি কয়।

২০২০ চনৰ ১৫ জানুৱাৰি পৰ্যন্ত জম্মুত থকা আন্তৰ্জাতিক সীমান্তত ১৭৭ বাৰ ক্ৰছ বোৰ্ডাৰ ফায়াৰিং হৈছে বুলিও ৰাজ্যসভাত সাংসদ গৰাকীয়ে কয়।

আনহাতে, ২০১৯ চনত চিয়াচেনত তুষাৰপাতৰ ফলত ছয় গৰাকী ভাৰতীয় সেনা জোৱানে প্ৰাণ হেৰুৱাই বুলিও ৰাজ্যসভাত তথ্য দাঙি ধৰা হয়।

তদুপৰি, চিয়াচেনক বাদ দি জম্মু-কাশ্মীৰৰ অন্যান্য পাৰ্বত্য অঞ্চলত সংঘটিত হোৱা তুষাৰপাতৰ ফলত মুঠ ১১ গৰাকী সেনা জোৱান চহিদ হয়।

উল্লেখযোগ্য যে, জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ প্ৰত্যাহাৰ কৰাৰ পাছত পাকিস্তানে একাধিকবাৰ ভাৰতৰ বিৰুদ্ধে যুদ্ধৰ হুমকি দি আহিছে।

পাকিস্তানৰ যুদ্ধৰ হুমকিৰ বিপৰীতে ভাৰতে পাকিস্তানক সংযত হ’বলৈ কৈ আহিছে।