NORTHEAST NOW (Assamese)
অসম

অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনৰ সমাপ্তি; মাজুলীত হ’ব পৰৱৰ্তী অধিৱেশন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 5, 2020 9:35 am
Asom Sahitya Sobha

অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম শুৱালকুছি অধিৱেশনৰ ৪ ফেব্ৰুৱাৰিত সফল সামৰণি পৰে।

অসম সাহিত্য সভাৰ পৰৱৰ্তী ষষ্ঠসপ্ততিতম অধিৱেশন মাজুলীত অনুষ্ঠিত হ’ব।

৪ ফেব্ৰুৱাৰিত সন্ধিয়া শুৱালকুছিৰ জ্যোতি ক্ষেত্ৰত অসম সাহিত্য সভাৰ পতাকা নমাই মাজুলী সাহিত্য সভাৰ হাতত অৰ্পন কৰে অসম সাহিত্য সভাৰ বিদায়ী সভাপতি পৰমানন্দ ৰাজবংশীয়ে।

মাজুলী সাহিত্য সভাই এতিয়াৰে পৰা মাজুলী অধিৱেশনৰ বাবে প্ৰস্তুতি চলাব।

উল্লেখযোগ্য যে, বস্ত্ৰ নগৰী শুৱালকুছিত অনুষ্ঠিত অসম সাহিত্য সভাৰ পঞ্চসপ্ততিতম অধিৱেশনত এইবাৰ ৰাজনৈতি নেতাৰ উপস্থিতি হ্ৰাস পোৱা দেখা গ’ল।

হিমন্ত বিশ্ব শৰ্মা শুৱালকুছি অধিৱেশনৰ সমিতিতো আছিল যদিও মন্ত্ৰী গৰাকীক অধিৱেশনস্থলীত দেখা পোৱা নগ’ল।

শুৱালকুছি অধিৱেশনত কৈলাশ খেৰৰ হিন্দী গীতত কৰা নৃত্য অথবা স্মৃতি গ্ৰন্থত হোৱা বানাৰ ভুলৰ বিভিন্ন সমালোচনাৰ হলেও প্ৰায় সফলভাৱেই সামৰণি পৰে শুৱালকুছি অধিৱেশন।

শুৱালকুছি অধিৱেশনত বিভিন্ন সাহিত্য বিষয়ক আলোচনা, সভা অনুষ্ঠিত হোৱাৰ লগতে দৰ্শকৰ উপস্থিতও আশাপ্ৰদ আছিল।