NORTHEAST NOW (Assamese)
Popular Stories

দুৰ্বল হৈছে ভাৰতীয় দলৰ ফিল্ডিং, কিন্তু কিয়? কি ক’লে ফিল্ডিং প্ৰশিক্ষকে?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 8, 2020 6:47 am
Sanju-Samson

ভাৰতীয় দলৰ ফিল্ডিং প্ৰশিক্ষক আৰ শ্ৰীধৰে বিগত চাৰি মাহ ধৰি ভাৰতীয় দলৰ ফিল্ডিং ভাল হোৱা নাই বুলি মন্তব্য প্ৰকাশ কৰিছে।

শুকুৰবাৰে সংবাদমেলত শ্ৰীধৰে নিউজিলেণ্ডৰ বিৰুদ্ধে চলি থকা শৃংখলাত ভাৰতীয় দলৰ ফিল্ডিঙৰ স্তৰ নিম্ন মানৰ হোৱা বুলি উল্লেখ কৰে।

ক্ৰমাগত ভ্ৰমণ আৰু অনুশীলনৰ বাবে কমকৈ সময় লাভ কৰাৰ বাবেই ফিল্ডিং দুৰ্বল হৈছে বুলি শ্ৰীধৰে কয়।

ক্ৰমাগত ভ্ৰমণৰ বিষয়ে উল্লেখ কৰিলেও বিচিচিআইৰ ব্যস্ত সূচীক ইয়াৰ বাবে জগৰীয়া কৰা নাই প্ৰশিক্ষক গৰাকীয়ে।

‘‘ভাগৰ দুৰ্বল ফিল্ডিঙৰ এটা কাৰণ হ’ব পাৰে। ভাৰত আৰু ৱেষ্টইণ্ডিজৰ মাজৰ শৃংখলাৰ পৰাই ভাৰতীয় দলৰ ফিল্ডিং বেয়া হ’বলৈ আৰম্ভ কৰিছিল। এই ফিল্ডিং প্ৰদৰ্শন বিশ্বকাপত বা তাৰ পূৰ্বৰ ফিল্ডিঙৰ সৈতে তুলনা নহয়,’’ শ্ৰীধৰে কয়।

উল্লেখযোগ্য যে, নিউজিলেণ্ডৰ বিৰুদ্ধে চলিত শৃংখলাত ভাৰতীয় দলৰ খেলুৱৈ সকলে দুৰ্বল ফিল্ডিং প্ৰদৰ্শনেৰে বহু কেইটা কেচ ড্ৰপ কৰিছিল যাৰ প্ৰভাৱ খেলৰ ফলাফলতো পৰিছিল।

ভাৰতীয় দলৰ তাৰকা ফিল্ডাৰ ৰবীন্দ্ৰ জাদেজা, বিৰাট কোহলী, ৰোহিত শৰ্মায়ো আনকি কেচ এৰিছিল।

ভাৰতে বিশ্বকাপৰ পাছৰে পৰা বিৰতি বিহীনভাৱে ক্ৰিকেট খেলি আহিছে।