NORTHEAST NOW (Assamese)
অসম

দোষী সাৱ্যস্ত হোৱাৰ পাঁচ বছৰৰ পাছত অৱশেষত গ্ৰেপ্তাৰ হ’ল কনিষ্ঠ অভিযন্তা

Posted by: স্মিতা ভট্টাচাৰ্য Updated by: স্মিতা ভট্টাচাৰ্য February 9, 2020 7:48 am
2-28-1140x570

ৰাজ্যিক পৰিবহন বিভাগৰ অধীনৰ আভ্যন্তৰীণ জল পৰিবহন শাখাৰ এগৰাকী কনিষ্ঠ অভিযন্তাক দোষী সাৱ্যস্ত হোৱাৰ পাঁচ বছৰৰ পাছত অৱশেষত শনিবাৰে যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

দেবব্ৰত ফুকন নামৰ কনিষ্ঠ অভিযন্তা গৰাকীক উপঢৌকনৰ গোচৰত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে।

‘’লখিমপুৰ জিলাৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশে গোচৰটোত দোষী সাৱ্যস্ত কৰাৰ পাছত ফুকন বিগত পাঁচ বছৰ ধৰি পলাতক হৈ আছিল,’’-আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰে যে উপঢৌকনৰ গোচৰ সংক্ৰান্তত ২০১১ চনৰে পৰা লখিমপুৰৰ অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত ফুকনৰ বিৰুদ্ধে বিচাৰ চলিছিল আৰু ২০১৫চনত উক্ত আদালতে তেওঁক দোষী সাৱ্যস্ত কৰাৰ পাছত ফুকন আৰক্ষী তথা আদালতৰ পৰা আঁতৰি আছিল।

সূত্ৰটোৱে কয় যে যোৰহাট জিলাৰ নিমাতী ঘাটত নিযুক্ত কৰা ফুকনক তেওঁৰ বিৰুদ্ধে আদালতৰ পৰা জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানাৰ ভিত্তিতে গ্ৰেপ্তাৰ কৰা হৈছে।