NORTHEAST NOW (Assamese)
Popular Stories

মহিলা টি-২০ বিশ্বকাপত এই নতুন পদ্ধতি ব্যৱহাৰ কৰিব আই চি চিয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 11, 2020 6:16 pm
Indian women cricket team

চলিত মাহৰ শেষৰফালে অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’বলগীয়া মহিলা টি-২০ বিশ্বকাপত প্ৰথমবাৰৰ বাবে ফ্ৰণ্টফুট ন’ ব’ল টেকনিকৰ ব্যৱহাৰ কৰা হ’ব।

অলপতে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত অনুষ্ঠিত হোৱা শৃংখলাত ইয়াৰ সফল প্ৰয়োগৰ পাছতে আই চি চিয়ে বিশ্বকাপত ইয়াক প্ৰয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এক বিবৃতিত আই চি চিয়ে তৃতীয় আম্পায়াৰে প্ৰতিটো ব’লত ফ্ৰণ্টফুট ন’ বলৰ ওপৰত দৃষ্টি ৰাখিব বুলি উল্লেখ কৰি ন’ ব’ল দেখিলেই তৃতীয় আম্পায়াৰে ফিল্ড আম্পায়াৰক ন’ ব’ল সম্পৰ্কে জনাই দিব।

আনহাতে, এতিয়াৰে পৰা ফিল্ড আম্পায়াৰে ফ্ৰণ্টফুট ন’ ব’লৰ ওপৰত দৃষ্টি নাৰাখিব বুলি জানিবলৈ দিয়ে।

আই চি চিয়ে মুঠ ১২ খন আন্তঃৰাষ্ট্ৰীয় খেলত এই নিয়মৰ ট্ৰায়েল সম্পন্ন কৰে য’ত ৪৭১৭ টা ব’ল দিয়া হৈছিল।

উল্লেখযোগ্য যে, আন্তঃৰাষ্ট্ৰীয় খেলত ফিল্ড আম্পায়াৰৰ দৃষ্টিৰ অগচৰো মাজে মাজে ন’ ব’ল হোৱা দেখা যায় কিন্তু উক্ত ব’লটোত যদি আম্পায়াৰে খেলুৱৈ গৰাকী আউট কৰাই দিয়ে তেনেহ’লে ইয়াৰ প্ৰভাৱ সেই দলটোৰ ওপৰত পৰে।

আই পি এলৰ এখন খেলত বিৰাট কোহলী নেতৃত্বাধীন ৰোয়েল চেলেঞ্জাৰ বাংগালুৰুৱে ফাইনেলত মুম্বাই ইণ্ডিয়ানছৰ বিপক্ষে ন’ ব’ল ট্ৰেজেদিত পৰাস্ত হ’বলগীয়া হৈছিল আৰু অধিনায়ক কোহলীয়ে ইয়াৰ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল।