NORTHEAST NOW (Assamese)
অসম

এবছুৰ বিদায়ী সভাপতি প্ৰমোদ বড়োক মিছলীয়া আখ্যা বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 14, 2020 10:13 am
Hagrama

কোকৰাঝাৰৰ গৌৰাং ভেলীত হোটেলত ১৩ ফেব্ৰুৱাৰিত এখন সংবাদ মেল সম্বোধন কৰি বি টি চি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে এবছুৰ সদ্য বিদায়ী সভাপতি প্ৰমোদ বড়োক কঠোৰ সমালোচনা কৰে।

এবছুৰ প্ৰাক্তন সভাপতি প্ৰমোদ বড়োক মিছলীয়া আখ্যা দি হাগ্ৰামা মহিলাৰীয়ে দিল্লীত প্ৰমোদ বড়োৱে বড়োলেণ্ড নালাগে বুলি লিখি দি আহিছে বুলিও উল্লেখ কৰে।

আনহাতে, নিখিল বড়ো ছাত্ৰ সন্থাত থকা সময়ৰ পৰাই প্ৰমোদ বড়োৱে মিছা কথাৰ আশ্ৰয় লৈ আহিছে বুলি মন্তব্য কৰি ৰাজনীতিলৈ আহিলে প্ৰমোদ বড়োৱে আৰু অধিক মিছাৰ আশ্ৰয় ল’ব বুলি কয়।

তদুপৰি য়ু পি পি এলৰ নেতা উৰ্খাও গৌৰা ব্ৰহ্ম সন্দৰ্ভত মন্তব্য কৰি হাগ্ৰামাই উৰ্খাও গৌৰা ব্ৰহ্ম বি পি এফত যোগদান কৰিলে তেওঁক ৰাজ্যসভাৰ সাংসদ পদ দিয়া হ’ব বুলিও হাগ্ৰামাই সংবাদ মেলত মন্তব্য কৰে।

আগন্তুক বি টি চি নিৰ্বাচনত বি পি এফ দলে পুনৰ জয়লাভ কৰি ক্ষমতালৈ আহিব বুলি মত প্ৰকাশ কৰি হাগ্ৰামাই বি পি এফে জন্মলাভৰ পৰাই বড়োলেণ্ডৰ সকলো ধৰণৰ জাতি-জনগোষ্ঠীৰ উন্নয়ণৰ বাবে কাম কৰি আহিছে বুলিও কয়।

উল্লেখযোগ্য যে, তামুলপুৰত অনুষ্ঠিত হোৱা নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত প্ৰমোদ বড়োৱে দলৰ সভাপতি পদৰ পৰা বিদায় লৈছিল।

কেন্দ্ৰ চৰকাৰৰ সৈতে নতুন বড়ো চুক্তিৰ পাছতে বড়োলেণ্ডৰ নতুন ৰাজনৈতিক অংকক লৈ জল্পনা-কল্পনা চলিছে।

বড়োলেণ্ডৰ নতুন ৰাজনৈতিক সমীকৰণত এবছুৰ সদ্য বিদায়ী সভাপতি প্ৰমোদ বড়োৱে এক প্ৰধান ভূমিকা পালন কৰাৰ সম্ভাৱনা আছে সেয়েহে হাগ্ৰামাই এতিয়াৰে পৰা বড়োক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।