NORTHEAST NOW (Assamese)
অসম

SBI য়ে দিছে সস্তাতে ঘৰ কিনাৰ সুবিধা; এনেকৈ কৰিব পাৰিব আবেদন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2020 9:16 am
sbii_021520055452

আপুনি যদি এটা ঘৰ বা দোকান কিনাৰ কথা চিন্তা কৰিছে তেতিয়াহ’লে আপোনাৰ বাবে আছে এটা সুন্দৰ সুযোগ।

এই সুযোগ দেশৰ সৰ্ববৃহৎ বেংক ভাৰতীয় ষ্টেট বেংক (এছ বি আই)ৰ ফলাৰ পৰা আগবঢ়োৱা হৈছে।

দৰাচলতে এছ বি আইয়ে সময়ে সময়ে সেই আৱাসিক আৰু বাণিজ্যিক সম্পত্তিৰ নীলাম কৰে যিবিলাক ডিফল্টাৰ্ছ (ঋণ পৰিশোধ কৰিব নোৱাৰে) হৈ থাকে।

সহজ ভাষাত যিসকল লোকে সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰে সেইসকল লোকৰ অনাদায়ী ধনসমূহ উলিওৱাৰ বাবে এছ বি আইয়ে নীলাম কৰে।

এই নীলাম ডিফল্টাৰ্ছসকলৰ সম্পত্তিৰ কৰা হয়। এই পদ্ধতি অনুসৰিয়েই এছ বি আইয়ে আকো এবাৰ নীলাম কৰিবলৈ আগবাঢ়িছে। এই নীলাম অহা ২৬ ফেব্ৰুৱাৰি,২০২০ত অনুষ্ঠিত হ’ব।

এই নীলামত অংশ গ্ৰহণ কৰিবলৈ আপুনি অনলাইন আবোদন কৰিব পাৰে। নীলামৰ বিষয়ে বিতং জানিবৰ বাবে https://bank.sbi/web/sbi-in-the-news/auction-notices/mega-e-auction লিংকত গৈ সৱিশেষ চাব পাৰে। ইয়াত বেংকৰ ফালৰ পৰা কিছুমান আৱশ্যকীয় ডিজিটেল নথি-পত্ৰও বিচৰা হৈছে।

ইয়াৰ ডিজিটেল স্বাক্ষৰ (ছিগনেশ্যাৰ)ৰ উপৰিও KYC ডকুমেন্ট বিচাৰিব। আনহাতে, EMD অৰ্থাৎ আৰ্নেষ্ট মানী ডিপ’জিটৰ বাবেও দাবী কৰিব।

উল্লেখ্য যে এছ বি আইয়ে আদালতৰ নিৰ্দেশৰ পাছতহে এই সম্পত্তিৰ নীলামৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

অৰ্থাৎ ইয়াৰ অৰ্থ হৈছে যে সম্পত্তিৰ বৈধতা বা মালিকীস্বত্ত্বক লৈ আপুনি কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই।

উক্ত সম্পত্তিবোৰ চেন্নাই, দিল্লী, মুম্বাই আৰু দিল্লীকে ধৰি দেশৰ বিভিন্ন অংশত পৰি আছে। তদুপৰি, ৰিয়েল ইষ্টেটৰ তুলনাত এই সম্পত্তিসমূহৰ মূল্য কম হোৱাৰ আশা কৰা হৈছে।

আনহাতে, এই সন্দৰ্ভত আৰু অধিক তথ্য জানিবলৈ এছ বি আইয়ে আৰু কেইটামান লিংক শ্বেয়াৰ কৰিছে। সেই কেইটা হ’ল: – https://www.bankeauctions.com/Sbi
-https://sbi.auctiontiger.net/EPROC/
– https://ibapi.in
https://www.mstcecommerce.com/auctionhome/ibapi/index.jsp