NORTHEAST NOW (Assamese)
অসম

শশী থাৰুৰে তৰা মানহানিৰ গোচৰত কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদলৈ আদালতৰ জাননী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 16, 2020 11:30 am
EQEmlLiVUAEnPQF

মানহানিৰ গোচৰত তিৰুৱনন্তপুৰম আদালতে কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদলৈ জাননী জাৰি কৰিছে। অহা ২ মে’ত প্ৰসাদক আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছে।

কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদৰ বিৰুদ্ধে এই মানহানিৰ গোচৰ তৰিছিল তিৰুৱনন্তপুৰমৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰে।

কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে ২০১৮চনৰ ডিচেম্বৰত তিৰুৱনন্তপুৰমৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ পত্নী সুনন্দ পুষ্কৰৰ মৃত্যুকলৈ কুৰুচিপূৰ্ণ মন্তব্য কৰিছিল।

এই ঘটনাক লৈ কংগ্ৰেছ সাংসদগৰাকীয়ে প্ৰথমতে আইনী জাননী প্ৰেৰণ কৰি শশী থাৰুৰক ‘হত্যাকাৰী’ বুলি কোৱাৰ বাবে নি:চৰ্ত ক্ষমা খোজাৰ দাবী কৰে।

শশী থাৰুৰে জানিবলৈ দিয়া মতে, ভাৰতীয় দণ্ডবিধিৰ ৩০৮ আৰু ৪৯৮ ধাৰা অনুসৰি দিল্লী আৰক্ষীয়ে সুনন্দ পুষ্কৰৰ মৃত্যুৰ ঘটনাৰ তদন্ত সমাপ্ত কৰে।

তেওঁলোকে ইয়াৰোপৰি অতিৰিক্ত মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ আদালতত এটি চূড়ান্ত প্ৰতিবেদনো দাখিল কৰে।

উক্ত প্ৰতিবেদনত হত্যাৰ কোনো তথ্য উল্লেখ কৰা নাছিল বুলি কংগ্ৰেছ সাংসদ গৰাকীয়ে জানিবলৈ দিয়ে।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰে জনায় যে ২৮ অক্টোবৰত ৰবিশংকৰ প্ৰসাদে এটি ২ মিনিট ১৮ ছেকেণ্ডৰ ভিডিঅ’ প’ষ্ট কৰিছিল।

তাত ৰবিশংকৰ প্ৰসাদে সাংবাদ মেলত বহি শশী থাৰুৰৰ বিৰুদ্ধে একাধিক মিছা, বিদ্বেষমূলক তথা মানহানিকৰ মন্তব্য প্ৰকাশ কৰিছিল।

থাৰুৰে জানিবলৈ দিয়ে যে কেবল মাত্ৰ ভুল তথ্য প্ৰচাৰ কৰিবলৈ তথা অপমান কৰিবলৈকে প্ৰসাদে এনে মন্তব্য কৰিছিল।

ৰাইজৰ আগত কংগ্ৰেছ সাংসদগৰাকীৰ মানহানি কৰিবলৈকেই কেন্দ্ৰীয় আইন মন্ত্ৰী গাৰীকয়ে এনেধৰণৰ কাম কৰিছিল বুলি থাৰুৰে অভিযোগ কৰে।

ইপিনে, তিৰুৱনন্তপুৰমৰ কংগ্ৰেছ সাংসদ শশী থাৰুৰে জাননী প্ৰেৰণ কৰি ৪৮ ঘন্টাৰ ভিতৰত ৰবিশংকৰ প্ৰসাদক নি:চৰ্ত ক্ষমা খোজাৰ দাবী জনোৱাৰ লগতে তেওঁৰ টুইটাৰৰ পৰা মিছা তথ্যৰে ভৰা ভিডিঅ’টো অঁতৰাই দিবলৈকো কয়।

পিচে, প্ৰত্যুত্তৰত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে নিজৰ মতত অটল থাকি তেওঁৰ মন্তব্য মানহানিকাৰক নহয় বুলিহে জানিবলৈ দিয়ে।

তিৰুৱনন্তপুৰমৰ কংগ্ৰেছ সাংসদ থাৰুৰে ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ ধাৰাৰ অনুসৰি মন্ত্ৰী প্ৰসাদৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ বাবে আদালতত আবেদন জনায়।

এতিয়া আদালতৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী প্ৰসাদ কেনেদেৰে মুক্ত হয় সেয়া লক্ষ্যণীয় হৈ পৰিছে।