NORTHEAST NOW (Assamese)
অসম

এছিয়া বনাম বিশ্ব একাদশ ছিৰিজৰ সূচী ঘোষণা; খেলিব পাঁচ গৰাকী ভাৰতীয় ক্ৰিকেটাৰে!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2020 7:11 am
asia-xi-vs-world-xi

অৱশেষত এছিয়া একাদশ আৰু বিশ্ব একাদশৰ মাজত অনুষ্ঠিত হ’বলগীয়া ছিৰিজৰ সূচী ঘোষণা কৰিছে বাংলাদেশ ক্ৰিকেট বোৰ্ডে।

সূচী অনুসৰি, অহা ১৮ আৰু ২১ মাৰ্চত দুখন টী-২০ মেচ অনুষ্ঠিত হ’ব। এই দুয়োখনেই মেচ খেলোৱা হ’ব ঢাকাৰ শেৰ বাংলা ষ্টেডিয়ামত।

জানিব পৰা মতে এই টুৰ্ণামেন্টখনত পাঁচ গৰাকী ভাৰতীয় ক্ৰিকেটাৰে অংশগ্ৰহণ কৰিব পাৰে।

বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ জন্ম শতবৰ্ষ উদযাপন উপলক্ষে  বাংলাদেশে এক বৰ্ষজোৰা ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই মেচ দুখনো ইয়াৰেই এক অংশ।

বাংলাদেশৰ ফালৰ পৰা এছিয়া একাদশত খেলাৰ বাবে প্ৰথমতে ভাৰতৰ পৰা সাতগৰাকী ক্ৰিকেটাৰ বিচৰা হৈছিল।

সেই ক্ৰিকেটাৰ কেইগৰাকীৰ ভিতৰত আছিল বিৰাট কোহলি, ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহ, হাৰ্দিক পাণ্ডিয়া, ভুৱনেশ্বৰ কুমাৰ, ৰবীন্দ্ৰ জাডেজা আৰু মহেন্দ্ৰ সিং ধোনী।

কিন্তু উক্ত প্ৰস্তাৱৰ পাছত বিচিচিআইয়ে পাঁচ গৰাকী ক্ৰিকেটাৰক পঠোৱাৰ সিদ্ধান্ত লয়। অৱশ্যে কোন পাঁচ গৰাকীক প্ৰেৰণ কৰা হ’ব সেয়া স্পষ্ট কৰা নাই।

বাংলাদেশে বিচৰা ক্ৰিকেটাৰৰ ভিতৰতে ভাৰতে অধিকাংশকে প্ৰেৰণ নকৰাৰ সম্ভাৱনা আছে।

তেওঁলোকে বিচৰা ক্ৰিকেটাৰ কেইগৰাকীৰ ভিতৰত ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া আৰু ভুৱনেশ্বৰ কুমা আঘাতৰ বাবে বহিব লগা হৈছে।

আনহাতে, ধোনী বহুদিন ধৰি ক্ৰিকেটৰ পৰা আঁতৰত আছে। সেয়েহ এই কেইগৰাকীৰ যোৱাৰ সম্ভাৱনা ক্ষীণ।

তদুপৰি, আই পি এলৰ পূৰ্বে জিৰণি ল’ব পাৰে অধিনায়ক বিৰাট কোহলি। এতিয়া কোন পাঁচ গৰাকী ক্ৰিকেটাৰক ভাৰতে পঠিয়ায় সেয়া স্পষ্ট হোৱা নাই।

ইপিনে, এছিয়া একাদশৰ হৈ কোনো পাকিস্তানী ক্ৰিকেটাৰে অংশ নলয়। ইয়াৰ বিপৰীতে বাংলাদেশ, শ্ৰীলংকা আৰু আফগানিস্তানৰ ক্ৰিকেটাৰ থাকিব এই দলত।