NORTHEAST NOW (Assamese)
Popular Stories

আমেৰিকাৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতিৰূপে ‘গান্ধী আশ্ৰম’ পৰিদৰ্শন কৰিব ড’নাল্ড ট্ৰাম্পে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2020 5:08 pm
sabarmati

দুদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণলৈ আহিবলগীয়া বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২৪ ফেব্ৰুৱাৰিত পৰিদৰ্শন কৰিব সবৰমতিস্থিত গান্ধী আশ্ৰম।

ইয়াৰ পূৰ্বে দেশখনৰ কোনো ৰাষ্ট্ৰপতিয়ে গান্ধী আশ্ৰম দৰ্শন কৰা নাছিল।

উল্লেখ্য যে ভাৰত ভ্ৰমণলৈ আহিবলগীয়া ড’নাল্ড ট্ৰাম্প হৈছে দেশখনৰ সপ্তমগৰাকী ৰাষ্ট্ৰপতি। ট্ৰাম্পৰ পূৰ্বে ভাৰত ভ্ৰমণলৈ অহা ৰাষ্ট্ৰপতি কেইগৰাকী হৈছে- ডুইট আইচেনহাৱাৰ (১৯৫৯), ৰিচাৰ্ড নিক্সন (১৯৬৯), জিমি কাৰ্টাৰ (১৯৭৮), বিল ক্লিণ্টন (২০০০), জৰ্জ বুশ্ব (২০০৬) আৰু বাৰাক ওবামা।

ইয়াৰে বাৰাক ওবামাই দুবাৰ আহিছিল ভাৰতলৈ। প্ৰথমবাৰ ২০১০ চনত আৰু দ্বিতীয়বাৰ ২০১৫ চনত গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে আহিছিল।

জানিব পৰা মতে চৰ্দাৰ বল্লব ভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ড’নাল্ড ট্ৰাম্প আৰু প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ কিলোমিটাৰ ৰ’ডশ্বৰ জৰিয়তে ঐতিহাসিক আশ্ৰমখনত উপস্থিত হ’ব।

ট্ৰাম্পে আশ্ৰমত প্ৰায় ২৫ মিনিট সময় অতিবাহিত কৰিব বুলি আশ্ৰম কৰ্তৃপক্ষৰ এটা সূত্ৰই ইকনমিক টাইমছক জনাইছে।

ইয়াৰ উপৰি ১৯১৮ চনৰ পৰা ১৯৩০ চনলৈ মহাত্মা গান্ধীয়ে থকা ঘৰ ‘হৃদয় কুঞ্জ’, উপাসনা মন্দিৰ আৰু গান্ধী স্মাৰক মিউজিয়ামৰ আহমেদাবাদ গেলেৰী পৰিদৰ্শন কৰাৰো সম্ভাৱনা আছে।

উল্লেখ্য যে ট্ৰাম্পৰ গুজৰাট ভ্ৰমণৰ সময়ত যাতে সুৰক্ষাৰ দিশত কোনো ধৰণৰ সুৰুঙা ৰৈ নাযায় তাৰ বাবে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।

গুজৰাট চৰকাৰে ২৫ গৰাকী আই পি এছ বিষয়াসহ ২৫ হাজাৰ আৰক্ষী মোতায়েন কৰিব। তদুপৰি এছ পি জি, এন এছ জিৰ দৰে ৰাষ্ট্ৰীয় সংস্থা আৰু য়ু এছ চিক্ৰেট চাৰ্ভিচ বাহিনীও সুৰক্ষাত নিয়োজিত থাকিব।

ইফালে চৰ্দাৰ বল্লবভাই পেটেল ষ্টেডিয়াম ওৰফে ম’টেৰে ষ্টেডিয়ামলৈ যোৱা নৱনিৰ্মিত পথচোৱাত সাতটা আৰক্ষী বিষয়াৰ দল নিয়োজিত কৰা হ’ব বুলিও জনাইছে।