NORTHEAST NOW (Assamese)
অসম

বিটিচিত নিৰ্বাচনী ৰণডংকা; হাগ্ৰামাৰ বি পি এফে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

Posted by: চাজিদ খান Updated by: চাজিদ খান February 17, 2020 7:30 pm
Loksabha election: Hagrama campaign in Kokrajhar

বি টি চিত আৰম্ভ হৈছে নিৰ্বাচনী ৰণহুংকাৰ। বি টি চিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে একাৰাহে প্ৰায় ১৮ টা বছৰ শাসন কৰি আছে বড়োভূমিত।

ইমান দিনে কোনো ৰাজনৈতিক প্ৰতিপক্ষই হাগ্ৰামাৰ সন্মুখত থিয় দিব পৰা নাই। কিন্তু প্ৰথমবাৰৰ বাবে কঁপনি উঠিছে হাগ্ৰামাৰ ৰাজনৈতিক কেৰিয়াৰত। সেয়ে বিজেপি আৰু এজিপিৰ সৈতে এলায়েন্সত বি পি এফে এইবাৰ নিৰ্বাচন খেলাৰ যো-জা কৰা দেখা গৈছে।

কেন্দ্ৰ চৰকাৰ সৈতে বি টি আৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত সলনি হৈছে বি টি চিৰ ৰাজনৈতিক চিত্ৰপট।

হাগ্ৰামাৰ সন্মুখত প্ৰতিপক্ষ হিচাপে থিয় দিছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সভাপতি প্ৰমোদ বড়োৱে। ইফালে বড়ো শান্তি চুক্তি বি টি আৰত স্বাক্ষৰ কৰা এন ডি এফ বিৰ চাৰিটা গোটেও বি টি চিত বিকল্প ৰাজনৈতিক শক্তিক শক্তিশালী কৰাৰ সম্ভাৱনা আছে।

এনে এক সন্ধিক্ষণতে  হাগ্ৰামা নেতৃত্বাধীন বি পি এফে আজি ঘোষণা কৰে প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। বি টি চিৰ চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিৰ ১৫ টা সমষ্টিৰ বাবে বি পি এফে আজি প্ৰাৰ্থীৰ  প্ৰথমখন তালিকা ঘোষণা কৰিছে।

প্ৰথমখন তালিকাৰ অনুসৰি দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰী, চিৰাং দুৱাৰত খাম্ফা বৰগয়াৰী, বাওখোংগ্ৰীত ধনশ্বৰ গয়াৰী, বনৰগাঁৱত ৰাজীৱ কুমাৰ ব্ৰহ্ম, চৰাইবিলত মৃত্যুঞ্জয় নাৰ্জাৰী, মুছলপুৰত অশ্বিনী খুংগুৰ, মুদৈবাৰীত জগদীশ চৰকাৰ, ভেৰগাঁৱত নৰেশ্বৰ বড়ো, হৰিশিঙাত ত্ৰিদীপ দৈমাৰী, পাঁচনৈ চেৰ্ফাঙত শ্যাম চুন্দী, খালিঙদুৱাৰত বঞ্জৰ দৈমাৰী, দৰঙামেলাত বিজিগ্ৰা নাৰ্জাৰী, গোৰেশ্বৰত মহেশ্বৰ বসুমতাৰী, পাৰ্বতজাৰাত মুন মুন ব্ৰহ্ম আৰু খৈৰাবাৰীত লমশ্বৰ’ দৈমাৰীয়ে প্ৰতিদন্দ্বিতা কৰিব।