NORTHEAST NOW (Assamese)
অসম

শাস্তিৰ পৰা পৰিত্ৰাণ বিচাৰি ল’ৰাঢপৰা; আংশিক ধন আদায় ভোডাফোন, এয়াৰটেলৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 18, 2020 12:28 pm
Vodafone-1140x570-750x375

ভাৰতত ব্যৱসায় বন্ধ কৰিবলৈ আগ্ৰহী নহয় ভোডাফোন আইডিয়া আৰু ভাৰতী এয়াৰটেলে। সেয়েহে অনাদায়ী ধন আদায় দিবলৈ তৎপৰ হৈ পৰিছে এই টেলিকম সংস্থা।

সোমবাৰে দুয়োটা কোম্পানীয়ে মুঠতে ১২ হাজাৰ কোটি টকা টেলিকম মন্ত্ৰ্যালয়ক আদায় দিছে।

ইয়াৰ ভিতৰত ভোডাফন আইডিয়াই আঢ়ৈ হাজাৰ কোটি টকা আৰু ভাৰতী এয়াৰটেলে ১০ হাজাৰ কোটি টকা আদায় দিছে।

জানিব পৰা মতে, সোমবাৰ ভোডাফোন আইডিয়াই টেলিকম মন্ত্ৰ্যালয়ক আঢ়ৈ হাজাৰ কোটি টকা আদায় দিছে আৰু শুকুৰবাৰে আৰু এহেজাৰ কোটি টকা আদায় দিব।

কোম্পানীটোৱে উচ্চতম ন্যায়ালয়ত গৈ সোমবাৰে টকা জমা দিয়াৰ বিষয়ে অৱগত কৰাৰ লগতে তেওঁলোকে বাকী থকা টকাখিনিও যে পৰিশোধ কৰিবলৈ ইচ্ছুক সেইকথা জনায়।

আদালত যাতে তেওঁলোকৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰে  তাৰ বাবে অনুৰোধ কৰে।

আনহাতে, ভাৰতী এয়াৰটেলে টেলিকম মন্ত্ৰ্যালয়ক ১০ হাজাৰ কোটি টকা জমা দিছে। তদুপৰি, এখন পত্ৰ জৰিয়তে বাকী ধনখিনিও আদায় দিব বুলি জনায়।

উচ্চতম ন্যায়ালয়ে যোৱা শুকুৰবাৰে টেলিকম কোম্পানীকেইটাক অহা ১৭ মাৰ্চত হ’বলগীয়া পৰৱৰ্তী শুনানিৰ পূৰ্বে ৯২,০০০কোটি টকা আদায় দিয়াৰ নিৰ্দেশ দিছিল।