NORTHEAST NOW (Assamese)
অসম

২০ ফেব্ৰুৱাৰিৰ পৰা ত্ৰিপুৰাত ভাৰত-বাংলাদেশ পৰ্যটন মহোৎসৱ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 18, 2020 6:41 pm
tourism-pic-750x375

বৃহস্পতিবাৰৰ পৰা ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত প্ৰথমবাৰৰ বাবে ভাৰত-বাংলাদেশ পৰ্যটন মহোৎসৱ অনুষ্ঠিত হ’ব।

ত্ৰিপুৰাৰ পৰ্যটন বিভাগৰ এগৰাকী বিষয়াই জনোৱা অনুসৰি এই পৰ্যটন মহোৎসৱত বাংলাদেশ, পশ্চিমবংগ আৰু উত্তৰ-পূবৰ বিভিন্ন মন্ত্ৰী, সাংসদ, সংগীত শিল্পী, অভিনয় শিল্পীয়ে অংশগ্ৰহণ কৰিব।

পৰ্যটন মহোৎসৱখনিত চেমিনাৰ, সাংস্কৃতিক অনুষ্ঠানৰ লগতে ৰাজ্যখনৰ আগশাৰীৰ পৰ্যটন স্থান পৰিদৰ্শনৰ কাৰ্য্যসূচী ৰখা হৈছে বুলি বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে।

‘‘স্বাধীনতা সংগ্ৰামী, আগশাৰীৰ ৰাজনৈতিক নেতা, কবি আৰু সাহিত্যিক সকলেও মহোৎসৱখনিত অংশগ্ৰহণ কৰিব,’’ তেওঁ লগতে কয়।

ত্ৰিপুৰা পৰ্যটন বিভাগৰ সচিৱ গীত্তে কিৰনকুমাৰ দিংকৰ ৰাৱে কেন্দ্ৰ চৰকাৰে ‘স্বদেশ দৰ্শন’ আঁচনিৰ অধীনত ১৬৫ কোটি টকা মোকলাই দিছে বুলিও প্ৰকাশ কৰে।

কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী প্ৰহ্লাদ সিং পেটেলে অলপতে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰ্যালয়ে স্বদেশ দৰ্শন আঁচনিৰ অধীনত উত্তৰ-পূবৰ আঠখন ৰাজ্যৰ বাবে বিগত পাঁচ বছৰত ১,৪০০ কোটি টকাৰ প্ৰকল্প মোকলাই দিয়া হৈছিল বুলি কৈছিল।