NORTHEAST NOW (Assamese)
অসম

হিন্দু বেংগলীয়ে অসমীয়াৰ সৈতে বিয়াত বহিলে লাভ কৰিব ৪০ হাজাৰ টকা; পাব দোকান, পাম খোলাৰ সুবিধা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 18, 2020 8:15 pm
Assamese marriage

অসমত থকা হিন্দু বেংগলী সমাজৰ কইনা আৰু দৰাই অসমীয়া হিন্দু লোকৰ সৈতে বিবাহপাশত আবদ্ধ হ’লে লাভ কৰিব ৪০ হাজাৰ টকা।

এটা সংবাদ প্ৰতিষ্ঠানৰ বাতৰি মতে, ৰাজ্য চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন পৰিষদদে এনেকুৱা বিত্তীয় সাহায্য দিব পৰা এখন আঁচনি প্ৰস্তুত কৰিছে আৰু চৰকাৰৰ ওচৰত প্ৰস্তাৱ ৰূপে দাখিল কৰিছে।

সূত্ৰটোৰ মতে, এই আঁচনিখনৰ জৰিয়তে অসমীয়া সমাজখন আৰু হিন্দু বাঙালী সম্প্ৰদায়ৰ মাজত সম্প্ৰীতিৰ বান্ধোন দৃঢ় কৰিব খোজা হৈছে।

“আন্তঃসম্প্ৰদায় বিবাহত মিলিত হোৱাসকলে কেতিয়াবা সামাজিক বৰ্জনৰ লগতে সম্পত্তিৰ অধিকাৰৰ পৰাও বঞ্চিত হয়। আমি এনেকুৱা দম্পতীক সহায় কৰাৰ অভিপ্ৰায়েৰে দোকান, বিউটি ছেলুন আৰু পাম আদি স্থাপন কৰি দিয়াৰ আঁচনি লৈছো”, সংবাদ প্ৰতিষ্ঠানটোৰ বাতৰিটোত পৰিষদৰ অধ্যক্ষ আলোক কুমাৰ ঘোষৰ উদ্ধৃতি।

“এই আঁচনিৰ প্ৰস্তাৱটো দুদিন পূৰ্বে ৰাজ্য চৰকাৰৰ ওচৰত দাখিল কৰা হৈছে”, তেওঁ লগতে কয়।

এই বাঙালী-অসমীয়া হিন্দু দম্পতীৰ পঞ্জীয়নৰ বাবে এটা ৱেবছাইটো নিৰ্মাণ কৰি থকা হৈছে বুলি বিষয়াজনে জানিবলৈ দিয়ে।