NORTHEAST NOW (Assamese)
Popular Stories

ডিছএডভান্টেজ আসাম! স্থাপন নহ’ল টুইন টাৱাৰ, তাৰ ঠাইত দ’ম বান্ধিলে সুৰাৰ বটলে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া February 18, 2020 8:44 pm
Twin Tower Final

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত ‘নমামি ব্ৰহ্মপুত্ৰ’ৰ দৰে বহু প্ৰচাৰিত শ্ল’গান “এডভাণ্টে’জ আছাম’’ও ডিছএডভাণ্টে’জ আছামত পৰিণত হোৱা যেন পৰিলক্ষিত হৈছে।

দক্ষিণ পূৱ এচিয়াৰ সৈতে অসমৰ বাণিজ্যিক সম্পৰ্ক উন্নত কৰাৰ প্ৰয়াসেৰে এডভান্টেজ আসামৰ এক ব্যয়বহুল আৰু অভিলাষী প্ৰকল্প ‘আইকনিক’ টুইন টাৱাৰৰ দশা কেৱল এখন নামফলক হৈ ওলমি থকাৰ দৰেই হোৱাৰ লগতে এই টাৱাৰ নিৰ্মিত হ’বলগীয়া ভূমিখিনিও যেন এতিয়া সুৰক্ষিত নহয়। কিয়নো উক্ত ভূমিখিনি এৰাবাৰীলৈ ৰূপান্তৰিত হোৱাৰ সুযোগ গ্ৰহণ কৰি এতিয়া একাংশ দুষ্ট লোকে ৰূপান্তৰিত কৰিছে মদ ভাং আৰু ড্ৰাগছৰ আড্ডাস্থলীলৈ।

বশিষ্ঠ চাৰিআলিত বাণিজ্যিক কেন্দ্ৰটোৰ বাবে প্ৰস্তাৱিত স্থানত মঙলবাৰে আমি দেখা পালো এক এৰাবাৰীসদৃশ পৰিৱেশহে। বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়ত উক্ত স্থানত মদ আৰু বিয়েৰৰ বটলে দ’ম বন্ধা দেখিবলৈ পোৱা গ’ল।

ইয়াৰোপৰি, নিৰ্জনতাৰ সুযোগ গ্ৰহণ কৰি একাংশ যুৱকে দিন-দুপৰতে গছৰ ছাঁত নিচাযুক্ত দ্ৰব্য সেৱন কৰি থকাহে পৰিলক্ষিত হ’ল।

উক্ত ভূমিখিনিৰ নিচেই কাষতে বসবাস কৰা এজন লোকে আমাৰ সাংবাদিকক জনোৱা মতে প্ৰত্যেক দিনাই উক্ত স্থানত নিচাসক্ত যুৱকসকলে আহি নিচাসক্ত দ্ৰব্য সেৱন কৰেহি। বৰ্তমান জলসম্পদ বিভাগৰ কেইটামান পৰিতক্ত গৃহ থকা উক্ত স্থানত সুৰক্ষাৰ নামত ফোপোলা ছবিখনহে দেখিবলৈ পোৱা গ’ল।

উল্লেখযোগ্য যে, ২০১৮ চনৰ জুলাইত নিৰ্মাণ আৰম্ভ হ’বলগীয়া ৬৫ মহলীয়া “আইকনিক” টুইন টাৱাৰৰ এতিয়াও আধাশিলা স্থাপন হোৱা নাই। সেই বছৰৰে ২৮ জানুৱাৰিত সোণোৱাল কেবিনেটে প্ৰকল্পটোত অনুমোদন জনাইছিল আৰু ২ ফেব্ৰুৱাৰিত এডভান্টেজ আসামৰ সময়তেই ৰাজ্য চৰকাৰ আৰু NBCC ৰ মাজত টুইন টাৱাৰ নিৰ্মাণৰ বুজাবুজি চুক্তি স্বাক্ষৰ হৈছিল।

কিন্তু বৰ্তমান সেয়া যেন এক প্ৰহসনত পৰিণত হোৱাহে পৰিলক্ষিত হ’ল। উক্ত স্থানত টুইন টাৱাৰৰ আধাৰশিলা স্থাপন হোৱা বাদেই বিগত প্ৰায় ডেৰ বছৰে ইটা এচপৰাও পৰা দেখিবলৈ পোৱা নগ’ল।

ইপিনে, টুইন টাৱাৰ নিৰ্মাণৰ বাবদ উক্ত ভূমিখণ্ডত থকা ৫০ জোপাতকৈয়ো অধিক গছ কাটি তহিলং কৰে বিভাগীয় কতৃপক্ষই।

এক সুত্ৰ অনুসৰি, বিগত ছয় বছৰ অৰ্থাৎ ২০২৩ চনত নিৰ্মাণ সম্পূৰ্ণ হ’ব লগা টুইন টাৱাৰকেইটাৰ বাবদ অসম চৰকাৰে চলিত বৰ্ষৰ ফেব্ৰুৱাৰিলৈকে এটকাও মোকলাই দিয়া নাই। টাৱাৰকেইটাৰ নিৰ্মাণৰ দায়িত্ব পোৱা নেচনেল বিল্ডিং কনষ্ট্ৰাক্সন কৰ্পৰে’চন (ইণ্ডিয়া)ৰ উপ সঞ্চালক বিশ্বজিৎ ভট্টাচাৰ্য্যই যোৱা বৰ্ষত নৰ্থ ইষ্ট নাওক এই কথা নিশ্চিত কৰিছিল।

কিন্তু বৰ্তমালৈকে NBCC কতৃপক্ষক ৰাজ্য চৰকাৰে পুঁজি মুকলি কৰি দিয়া কোনোধৰণৰ খবৰ প্ৰকাশ পোৱা নাই তথা এই সন্দৰ্ভত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু তেওঁৰ বিভাগৰ কেইবাগৰাকী বিষয়াক ফোনযোগে খবৰ কৰিবলৈ যোগাযোগ কৰাত তেওঁলোকৰ পৰা কোনোধৰণৰ উত্তৰ পোৱা নগ’ল।

তাৎপয্যপূৰ্ণ ধন আৰু আধাৰশিলা বাদ, বাণিজ্য কেন্দ্ৰৰ বাবে আবণ্টিত মাটিৰ জেঙাই সংশ্লিষ্ট চৰকাৰী বিভাগসমূহে মাৰিব পৰা নাই। অথচ কেন্দ্ৰটোৰ বাবে আবণ্টিত ৩২ বিঘা মাটি অসম চৰকাৰৰে জলসম্পদ বিভাগৰ। বৰ্তমানো উক্ত ভূমিত জলসম্পদ বিভাগৰ বিভিন্ন যন্ত্ৰপাতি থকা গুদাম দেখিবলৈ পোৱা গৈছে। ইয়াৰ লগতে জলসম্পদ বিভাগৰ যান্ত্ৰিক মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তাৰ কাৰ্য্যালয়ো সেই স্থানত চলি আছে।

‘উদ্যোগ বিভাগে মাটিখিনি ইতিমধ্যে লৈ লৈছে। কিন্তু বৰ্তমানলৈকে কাৰ্য্যালয় বা যন্ত্ৰপাতিসমূহ স্থানান্তৰ হোৱা নাই, কিয়নো বৰ্তমানো কাৰ্য্যালয়সমূহ তাতে আছে।‘ মন্ত্ৰী কেশৱ মহন্তৰ অ’.এছ.ডি দিবাকৰ ভট্টাচাৰ্য্যই এইদৰে কয়।

উল্লেখযোগ্য যে, ২০১৮ চনৰে ৬ জুলাইত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমত কৈছিল যে মাটিখিনি সন্দৰ্ভত আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব।

মন্ত্ৰীয়ে কোৱা আলোচনাৰ সম্পূৰ্ণ এবছৰ পিছত পৰিণাম কি? এই সন্দৰ্ভত যোৱাবৰ্ষৰ ১২ জুলাইত উক্ত বিভাগৰে জ্যেষ্ঠ কাৰ্য্যবাহী অভিযন্তা অৱণী হাজৰিকাক সোধা হৈছিল।

তেতিয়া তেওঁ কৈছিল “বৰ্তমানো উক্ত স্থানত আমাৰ ঘৰ কেইটামান বা যন্ত্ৰ-পাতি অলপ আছিল। ইয়াক লৈ আমাৰ এখন আলোচনা চক্ৰ অনুষ্ঠিত হৈছিল। যিখিনি সম্পত্তি বা গৃহ আছিল সেইখিনিৰ বিপৰীতে এটা কমপেনচে’চন ক্লেইম (ক্ষতিপূৰণ দাবী) কৰিব লাগিব। কিন্তু সেইটো কৰিবলৈ ৰেভিনিউ লেণ্ড ৰেকৰ্ড (ৰাজহ ভূমি তথ্য)ৰ কাম বাকী আছে। বৰ্তমানলৈকে সেই সামগ্ৰী অথবা গৃহখিনি স্থানান্তৰ কৰাৰ বিকল্প উপায় কৰা হোৱা নাই। টুইন টাৱাৰৰ ফালৰ পৰা (বাবে) এলটমেন্ট (আবণ্টন) দিয়া হৈছে।‘’

বহু প্ৰচাৰিত বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ সময়তে ১৯৫০ কোটি টকা ব্যয়সাপেক্ষে যুৰীয়া বাণিজ্যিক কেন্দ্ৰ (টুইন টাৱাৰ) স্থাপনৰ বাবে নেচনেল বিল্ডিং কনষ্ট্ৰাকচন কৰ্পৰে’চন (ইণ্ডিয়া) লিমিটেডৰ সৈতে ফেব্ৰুৱাৰি, ২০১৮ত চুক্তি স্বাক্ষৰিত হৈছিল যদিও বৰ্তামানো উদ্যোগ বিভাগে কিয় প্ৰথম খোজটোৱেই আগুৱাব নোৱাৰিলে সেয়া লক্ষণীয় বিষয়।

উল্লেখযোগ্য যে ৪৩ হাজাৰ বৰ্গ মিটাৰ ভূ-খণ্ড সামৰি নিৰ্মাণ হ’বলগীয়া টুইন টাৱাৰত বাণিজ্যিক কাৰ্য্যালয়, শ্বপিং মল, চিনেমা হল, হোটেল থাকিব।

মুখ্য মন্ত্ৰী সোণোৱালে কৈছিল যে অত্যাধুনিক সা-সুবিধাৰে নিৰ্মাণ হ’ব লগীয়া এই টুইন টাৱাৰে ৰাজ্যখনৰ ব্যৱসায়িক উত্তৰণৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাব।