NORTHEAST NOW (Assamese)
অসম

ক্ৰিকেটৰ পথাৰলৈ ধোনীৰ বহু প্ৰত্যাশিত পুনৰাগমন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 20, 2020 3:38 pm
dhoni

অনুৰাগীৰ দীঘলীয়া প্ৰতীক্ষাৰ অন্ত পেলাই মহেন্দ্ৰ সিং ধোনী অহা ১ মাৰ্চত পুনৰ ঘূৰি আহিব ক্ৰিকেটৰ পথাৰলৈ।

২০১৯ চনৰে পৰা ক্ৰিকেটৰ পৰা আঁতৰি থকা তাৰকাগৰাকীয়ে চেন্নাই চুপাৰ কিংছৰ হৈ ১ মাৰ্চৰ পৰা অনুশীলন আৰম্ভ কৰিব।

ক্ৰিকেট বিশ্বকাপৰ ছেমি ফাইনেলৰ পিছৰে পৰা ক্ৰিকেটৰ পথাৰত অনুপস্থিত থকা ক্ৰিকেটাৰগৰাকীৰ পুনৰাগমনক লৈ দীৰ্ঘদিনধৰি চৰ্চা চলি আহিছে।

ৰৱি শাস্ত্ৰীয়ে কৈছে যে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে সম্ভৱতঃ শীঘ্ৰে এদিনীয়া খেলৰ পৰা অৱসৰ ল’ব।

“সোনকালেই তেওঁ এদিনীয়া আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰ সামৰণি মাৰিব,” ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে এটা টিভি চেনেলৰ শেহতীয়া এক সাক্ষাৎকাৰত কয়।

এইসমূহ চৰ্চাৰ মাজতে “জানুৱাৰিলৈকে” এই সন্দৰ্ভত একো নুশুধিবলৈ পূৰ্বে ধোনীয়ে অনুৰোধ জনাইছিল।

দুবাৰৰ বিশ্বকাপজয়ী অধিনায়কগৰাকীয়ে এদিনীয়া ক্ৰিকেটৰ পৰা শীঘ্ৰে অৱসৰ ল’ব বুলিও ভাৰতীয় দলৰ প্ৰশিক্ষক ৰৱি শাস্ত্ৰীয়ে যোৱা মাহত মন্তব্য কৰিছিল।

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ শেহতীয়া বছেৰেকীয়া চুক্তিৰ পৰাও ৩৮ বছৰীয়া ক্ৰিকেটাৰগৰাকী বাদ পৰিছিল।

কিন্তু, তিনিবাৰৰ আই পি এল বিজয়ী চেন্নাই চুপাৰ কিংছৰ হৈ ধোনীয়ে ২০২০ বৰ্ষতো খেলাতো নিশ্চিত।