NORTHEAST NOW (Assamese)
অসম

শিশুক যৌন আতিশয্যৰ পৰা ৰক্ষা আৰু জুভেনাইল জাষ্টিছ গোচৰ সন্দৰ্ভত অসম আৰক্ষীৰ বিশেষ কৰ্মশালা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 20, 2020 8:27 pm
Assam police to construct modern residential complex for its personnel in Bokakhat

‘অসম আৰক্ষীৰ শিশু মিত্ৰ কাৰ্য্যসূচী’ৰ অধীনত আজি বশিষ্ঠ আৰক্ষী থানাত ‘প্ৰটেকছন অব চিলড্ৰেন ফ্ৰম অফেনচেছ’ আৰু ‘জুভেনাইল জাষ্টিছ’ আইনৰ অন্তৰ্গত গোচৰসমূহৰ লগত জড়িত অনুসন্ধানকাৰী বিষয়াসকলৰ বাবে এক কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্য্যসূচী অনুষ্ঠিত কৰা হয়।

য়ুনিচেফৰ সহযোগত অসম আৰক্ষী আৰু বেচৰকাৰী সংস্থা ‘উৎসাহ’ৰ উদ্যোগত আয়োজিত জিলাভিত্তিক প্ৰথম পৰ্য্যায়ৰ এই কৰ্মশালা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই।

গুৱাহাটী মহানগৰৰ থানাসমূহৰ অনুসন্ধানকাৰী বিষয়াসকলে অংশগ্ৰহণ কৰা এই কৰ্মশালা শুভাৰম্ভ কৰি আৰক্ষী সঞ্চালকপ্ৰধান মহন্তই কয় যে শিশুৰ অধিকাৰ সুনিশ্চিত কৰাৰ লগতে দুয়োখন আইনৰ অধীনত ৰুজু হোৱা গোচৰ সমূহৰ তদন্ত ক্ষিপ্ৰ কৰা আৰু তদন্ত প্ৰক্ৰিয়া সঠিক ৰূপত আগবঢ়াই নিয়াৰ বাবে অসম আৰক্ষীয়ে য়ুনিচেফৰ সহযোগত আৰু বেচৰকাৰী সংস্থা উৎসাহৰ উদ্যোগত ৰাজ্যৰ সকলো জিলাতে এনেধৰণৰ কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্য্যসূচী ৰূপায়ণ কৰা হ’ব।

মহানগৰ আৰক্ষী আয়ুক্ত মুন্নাপ্ৰসাদ গুপ্তা, যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায় আৰু অন্যান্য আৰক্ষী বিষয়াসকলৰ লগতে য়ুনিচেফৰ জেষ্ঠ্য বিষয়া ড০ মাধুলিকা জনাথন, উৎসাহৰ কাৰ্য্যবাহী সঞ্চালক মিগুৱেল দাস কুইয়া আৰু সংস্থাটোৰ কেইবাগৰাকীও কাৰ্য্যবাহী উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে।