NORTHEAST NOW (Assamese)
Popular Stories

বিটিচি নিৰ্বাচনৰ পূৰ্বে উত্তপ্ত কোকৰাঝাৰ; হাগ্ৰামা পত্নীক প্ৰাণঘাতী আক্ৰমণ দুৰ্বৃত্তৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 20, 2020 8:59 pm
Hagrama Wife attack story

বিটিচি নিৰ্বানৰ প্ৰাক মুহূৰ্তত আজি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলী মহিলাৰীৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাই সমগ্ৰ বিটিআৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

কাইলৈ মহা শিৱৰাত্ৰি উপলক্ষ্যে হাগ্ৰামা মহিলাৰীৰ পত্নী শিউলী মহিলাৰীয়ে আজি গাড়ীৰে মন্দিৰ দৰ্শন কৰি উভতি অহাৰ সময়তে ভাৰত-ভূটান সীমান্তৱৰ্তী উল্টাপানীত অচিনাক্ত দুৰ্বৃত্তই পথৰ কাষত থকা ঘন জংঘলৰ পৰা হাগ্ৰামাৰ পত্নী উঠি অহা গাড়ীখনক লক্ষ্য কৰি ধাৰাষাৰে শিলগুটি নিক্ষেপ কৰে।

সন্ধিয়া প্ৰায় ৫.৩০ মান বজাত এই আক্ৰমণৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে।

এই আক্ৰমণত শিউলী মহিলাৰীৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে যদিও তেওঁ উঠি অহা গাড়ীখনৰ ব্যপক ক্ষতি সাধন হয়।

আনহাতে, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীৰ ওপৰত সংঘটিত হোৱা এই আক্ৰমণক সচেতন লোকে গৰিহনা দিয়াৰ লগতে দোষীক কৰায়ত্ত কৰাৰ বাবে দাবী জনায়।

তদুপৰি সমগ্ৰ ঘটনা সন্দৰ্ভত বৰ্তমানলৈ হাগ্ৰামা মহিলাৰীয়ে কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই যদিও পৰৱৰ্তী সময়ত তেওঁ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।