NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত ড্ৰাগছৰ দুটা বৃহৎ ঘাটি উৎখাত; চাৰিজন ব্যৱসায়ীক আটক আৰক্ষীৰ

Posted by: দীপজ্যোতি শৰ্মা Updated by: দীপজ্যোতি শৰ্মা February 21, 2020 1:25 pm
5f8a0892-1399-47fe-b6f4-a7e33acf1017

আৰক্ষীৰ চকুত ধূলি দি দীৰ্ঘদিন ধৰি নিচাযুক্ত সামগ্ৰীৰ বেহা চলাই অহা দুটা ভিন্ন অবৈধ ঘাটিত নুনমাটি আৰক্ষীয়ে অতৰ্কিত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰে।

আৰক্ষীয়ে এই অভিযানটো চলাইছিল নুনমাটি অঞ্চলৰ গুৰুকুল গ্ৰামাৰ স্কুলৰ সমীপৰ বি জি তিনি আলী আৰু নিউ গুৱাহাটীৰ সমীপৰ হনুমান মন্দিৰত।

অভিযানত আৰক্ষীয়ে চাৰিজন ড্ৰাগছ ব্যৱসায়ী তথা সৰবৰাহকাৰীক আটক কৰিছে।

ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন নুনমাটিৰ হৰেন কলিতা, বাপধন পাঠক, বুদ্ধেশ্বৰ বিশ্বাস আৰু ৰাজস্থানৰ নিৰঞ্জন আগৰৱালা বুলি জানিবলৈ দিয়ে।

আৰক্ষীয়ে ড্ৰাগছৰ ঘাটি দুটাৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছসহ নগদ ত্ৰিশ হাজাৰ টকা, তিনিটা মোবাইল, AS01 KC 1343 নম্বৰৰ এখন চাৰিচকীয়া টাটা জেষ্ট বাহন আৰু AS 01 ED 8194 নম্বৰৰ এখন স্কুটি জব্দ কৰিবলৈ সক্ষম হয়।

নুনমাটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ বৰুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে এই অভিযানটো চলাইছিল। বৰ্তমান আৰক্ষীয়ে ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজনক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে উক্ত ঘাটি দুটাৰ পৰাই সৰবৰাহকাৰী কেইজনে মহানগৰৰীৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ সৰবৰাহ কৰি আহিছিল বুলি আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত উল্লেখ কৰিছে।