NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত বিদ্যালয়ৰ প্ৰধান আৰু সহশিক্ষকৰ সামগ্ৰিক অগ্ৰগতিৰ প্ৰশিক্ষণ সম্পন্ন

Posted by: মানস প্রতীম গগৈ Updated by: মানস প্রতীম গগৈ February 21, 2020 7:00 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা শিক্ষাখণ্ডৰ অন্তৰ্গত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যায়লবোৰৰ প্ৰধান আৰু সহশিক্ষকসকলৰ সামগ্ৰিক অগ্ৰগতিৰ বাবে লোৱা পদক্ষেপ (NISHTHA-NATIONAL INITIATIVES FOR SCHOOL HEADS’ AND TEACHERS’ HOLISTIC ADVANCEMENT) শীৰ্ষক এটা প্ৰশিক্ষণ সফলতাৰে সম্পন্ন হয়৷

ছদিনীয়া এই প্ৰশিক্ষণৰ কাৰ্য্যসূচীত বিৱেকানন্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়, টিৰাপ উচ্চ মাধ্যমিক বিদ্যালয়, মাৰ্ঘেৰিটা পাব্লিক উচ্চতৰ মাধ্যমিক বিদ্যালয়, কেটেটং জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় আৰু গান্ধী বিদ্যামন্দিৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলক প্ৰশিক্ষণ দিয়া হয়।

তিনিচুকীয়া জিলা প্ৰাথমিক শিক্ষা বিষয়া বিন্তী শৰ্মা, জিলা আঁচনি বিষয়া (শিক্ষক প্ৰশিক্ষণ) দীপক বৰগোহাঁই, মাৰ্ঘেৰিটা খণ্ড প্ৰাথমিক শিক্ষা বিষয়া টংকেশ্বৰ গগৈৰ তত্ত্বাৱধানত সম্পন্ন হোৱা প্ৰশিক্ষণ কাৰ্যসূচীটোত ৰাজ্যিক তথা মুখ্য সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে ধনেশ প্ৰসাদ সিং, চিন্তু বৰুৱা, ৰঞ্জু তামাং বৰুৱা, অনুপম বৰুৱা, সন্তোষ ওঝা, দীপজ্যোতি বৰগোহাঁই আৰু প্ৰিয়াংকু বৰুৱাই৷

NISHTHA-2
প্ৰশিক্ষণৰ কাৰ্য্যসূচীটোৰ এটা দৃশ্য।

প্ৰশিক্ষণৰ কালছোৱাত পুণ্যলতা বৰশইকীয়াৰ সম্পাদনাৰ প্ৰশিক্ষাৰ্থীসকলৰ হাতে লিখা আলোচনী ‘সেঁতু’, প্ৰীতিবাণী বৰদলৈ আৰু সোণতলি প্ৰধানৰ সম্পাদনাৰ হাতে লিখা আলোচনী ‘প্ৰজ্ঞা’, চানিয়া বৰুৱাৰ সম্পাদনাৰ হাতে লিখা আলোচনী ‘জোনাক’, ৰিতুমনি শইকীয়াৰ সম্পাদনাৰ হাতে লিখা আলোচনী ‘দাপোণ’ আৰু জেউতি দত্তৰ সম্পাদনাৰ হাতে লিখা আলোচনী ‘যুগগামিনী’ উন্মোচন কৰে ক্ৰমে সৌমাৰবিদ্যাপিঠৰ অধ্যক্ষ মানস দাস, টিৰাপ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত শিক্ষক নিৰনাথ উপাধ্যায়, মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা ড° ৰমেন হাজৰিকা, কেটেটং জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বিৰদা মৰাণ আৰু মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰবক্তা বিষ্ণু ছেত্ৰীয়ে৷

এই প্ৰশিক্ষণ কাৰ্যসূচীত চি আৰ চি চি সীমান্ত চাংমাই, পল্লবী গগৈ, চবিৰ আহমেদ, মুকেশ ৰজক, দীপক বিশ্বাস, দ্বীপন ৰাজবংশী, ধ্ৰুৱ উপাধ্যায়, মছদ্দৰ আলী সহিত এম আই এছ অ’ হিচাপ নিৰীক্ষকসকলেও বিভাগীয় সহযোগিতা আগ বঢ়ায়৷