NORTHEAST NOW (Assamese)
Popular Stories

শিৱৰাত্ৰিৰ সময়ত জানক বিশ্বৰ ভিতৰত উচ্চতম শিৱমূৰ্তিৰ নিৰ্মাণ হৈ আছে ক’ত ?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 22, 2020 1:01 pm
Shiv

বিশ্বৰ উচ্চতম প্ৰতিমূৰ্তি ‘ষ্ট্যেচু অব য়ুনিটি’ৰ পাছত এইবাৰ সৰ্বোচ্চ শিৱমূৰ্তি নিৰ্মাণ কৰি থকা গৈছে ভাৰতত।

আগন্তুক আগষ্ট মাহৰ ভিতৰতে ৰাজস্থানৰ নাথদোয়াৰা অঞ্চলত নিৰ্মাণ কৰি থকা বিশ্বৰ উচ্চতম শিৱমূৰ্তিটো ভক্তসকলৰ দৰ্শনৰ বাবে মুকলি কৰি দিয়া হ’ব।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, মিৰাজ নামৰ এটা প্ৰতিষ্ঠানক ৩৫১ ফুট উচ্চতাৰ শিৱমূৰ্তি তৈয়াৰ কৰাৰ দায়িত্ব দিয়া হৈছে।

প্ৰতিষ্ঠানটোৱে ইতিমধ্যে শিৱমূৰ্তি নিৰ্মাণৰ প্ৰায়ভাগ কাম সমাপ্ত কৰিছে আৰু আগষ্ট মাহলৈ ইয়াৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ হৈ উঠিব।

মিৰাজ প্ৰতিষ্ঠানৰ এগৰাকী বিষয়াই জনোৱা মতে, শিৱমূৰ্তিটোৰ উপৰিভাগত উচ্চমানৰ তামৰ প্ৰলেপ দিয়া হ’ব।

আৰু শিৱমূৰ্তিটো দস্তাৰে তৈয়াৰ কৰা এটা বেদীৰ ওপৰত স্থাপন কৰা হ’ব।

এই ৩৫১ ফুট উচ্চতাৰ শিৱমূৰ্তিটো দৰ্শনৰ বাবে ইয়াৰ ওচৰত তিনিটা গ্যালাৰিয়ো নিৰ্মাণ কৰা হ’ব।

বিশ্বৰ ভিতৰত সুউচ্চ শিৱমূৰ্তিটোৰ সন্মুখত ৩৭ ফুট ওখ আৰু ২৫ ফুট দীঘল এটা নন্দীৰ মূৰ্তি নিৰ্মাণ কৰি থকা হৈছে।

২০১৩ চনত নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰা শিৱমূৰ্তিটোৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠিলে ষ্ট্যেচু অব য়ুনিটি, চীনৰ স্প্ৰিং টেম্পল বুদ্ধ আৰু জাপানৰ উচিকু দইবুতচুৰ পাছতে উচ্চতাৰ ফালৰ পৰা ৰাজস্থানৰ শিৱমূৰ্তিটোৱে চতুৰ্থ স্থান অধিকাৰ কৰিব।