NORTHEAST NOW (Assamese)
অসম

নগাঁৱৰ আউনীআটিৰ এডলীয়াবড় সত্ৰত নিশা চোৰৰ লুটপাট

Posted by: ভাৰ্গব হাজৰিকা Updated by: ভাৰ্গব হাজৰিকা February 24, 2020 2:05 pm
Satra

২৩ ফেব্ৰুৱাৰিৰ নিশা নগাঁও জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত  আউনীআটীৰ এডলীয়াবড় শাখা সত্ৰত চোৰে লুটপাট চলোৱাত স্থানীয় লোকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আজি পুৱা প্ৰায় ১০ বজাত নামঘৰীয়াজনে সত্ৰলৈ নামঘৰ পৰিষ্কাৰৰ বাবে আহোঁতেহে এই কাণ্ডৰ কথা পোহৰলৈ আহে।

সত্ৰৰ ভকতসকলে জানিবলৈ দিয়া মতে, সত্ৰখনৰ পৰা চোৰে সোণ-ৰূপৰ আ-অলংকাৰসহ টকা-পইচাও চুৰ কৰি লৈ যায়।

ইয়াৰ ভিতৰত আছে ১০পাট সোণৰ ফুলি, ২০পাট ৰূপৰ ফুলি, পিতলৰ মূৰ্তি ৫টা, কাঁহৰ দুভাগ বাদ্যৰ লগতে অন্যান্য মূল্যৱান সা-সামগ্ৰী। লগতে সত্ৰত থকা দানপাত্ৰৰ তলা ভাঙি টকা-পইচাও লৈ যায়।

আনহাতে চুৰিকাণ্ডটোৰ বিষয়ে ততাতৈয়াকৈ সদৰ আৰক্ষীক অৱগত কৰাৰ পিছতো বহু সময়লৈকে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱা দেখা নগ’ল।

আৰক্ষীৰ এনে নিস্পৃহতাত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে সত্ৰৰ ভকত-বৈষ্ণৱ তথা স্থানীয় ৰাইজে।