NORTHEAST NOW (Assamese)
Popular Stories

গীণিজ বুকত অভিলেখ গঢ়াৰ পিছতে পৰলোকপ্ৰাপ্তি ঘটিল বিশ্বৰ আটাইতকৈ বয়স্থ লোকজনৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 26, 2020 2:41 pm
oldest1

গীণিজ বুকত অভিলেখ গঢ়াৰ পিছতে বিশ্বৰ আটাইতকৈ বয়স্থ ব্যক্তিজনৰ পৰলোকপ্ৰাপ্তি ঘটিছে।

এই ব্যক্তিজন আছিল জাপানৰ টকিঅ’ চহৰৰ চিটেচু ৱাটানাৱা।

গীণিজ বুকত অভিলেখ গঢ়াৰ মাত্ৰ ১১ দিনৰ পিছতে চিটেচুৰ মৃত্যু ঘটিছে।

গীণিজ বুকৰ পৰা যোৱা ১২ ফেব্ৰুৱাৰীত বিশ্বৰ আটাইতকৈ বয়স্থ ব্যক্তিৰ আনুষ্ঠানিক প্ৰমাণ পত্ৰ  লাভ কৰিছিল চিটেচুৱে।

১৯০৭ চনৰ ৫ মাৰ্চত এটা কৃষক পৰিয়ালত জন্ম হৈছিল চিটেচু ৱাটানাবাৰ।

২০ বছৰ বয়সত টাইৱানলৈ যোৱা চিটেচুৱে দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত জাপানলৈ উভতি আহিছিল।

উল্লেখ্য যে ২০১৯ চনত জাৰ্মানীৰ গুস্তাভ গেৰ্ণাথৰ ১১৪ বছৰ আৰু জাপানৰে মাছাজু ন’নাকাৰ ১১৩ বছৰ বয়সত মৃত্যু ঘটাৰ পিছতে চিটেচুৱে বিশ্বৰ আটাইতকৈ বয়স্থ ব্যক্তিৰূপে স্বীকৃতি লাভ কৰিছিল।

স্মৰ্তব্য যে বিশ্বৰ ভিতৰতে জাপানতেই আটাইতকৈ অধিকসংখ্যক শতায়ু গৰকা ব্যক্তি আছে। জাপানৰ শেহতীয়া চৰকাৰী গণনা অনুসৰি জাপানত ৭১,০০০ হাজাৰতকৈও অধিক শতায়ু গৰকা ব্যক্তি আছে।