NORTHEAST NOW (Assamese)
অসম

চাকৰি!! গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ৩০০ পদ ওলাইছে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 26, 2020 5:42 pm
GMCH assam

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত ষ্টাফ নাৰ্ছৰ ৩০০টা খালী পদ ওলাইছে।

ইচ্ছুক প্ৰাৰ্থীসকলে http://www.gmchassam.gov.in/ ৱেবছাইটৰ পৰা অনলাইনযোগে ফৰ্ম ডাউনল’ড কৰি আৱেদন কৰিব পাৰে।

আৱেদনৰ অন্তিম তাৰিখ অহা  ২৯ ফেব্ৰুৱাৰি।

আৱেদনৰ ফৰ্মৰ বাবে ইয়াত ক্লিক কৰক।

প্ৰাৰ্থীৰ বয়স ০১/০১/২০২০ত ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ বেছি হ’ব নোৱাৰিব।

প্ৰাৰ্থী ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো নাৰ্ছিং স্কুল/ প্ৰতিষ্ঠানৰ পৰা বি এছ চি নাৰ্ছিং বা জি এন এম উত্তীৰ্ণ হ’ব লাগিব।

লগতে আছাম নাৰ্ছেছ, মিড্ৱাইভছ এণ্ড হেল্থ ভিজিটৰ্ছ কাউন্সিলত পঞ্জীভুক্ত হ’ব লাগিব।