NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতীয় মূলৰ যুৱতীক বিয়া কৰাব অষ্ট্ৰেলিয়াৰ ষ্টাৰ অলৰাউণ্ডাৰ মেক্সৱেলে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 27, 2020 10:16 am
Glenn-Maxwell-honing-his-skills-to-trap-batsmen-in-the-World-Cup-2019

২৬ ফেব্ৰুৱাৰি অৰ্থাৎ বুধবাৰে অষ্ট্ৰেলিয়াৰ ষ্টাৰ অলৰাউণ্ডাৰ গ্ৰেন মেক্সৱেলে ভাৰতীয় মূলৰ এগৰাকী যুৱতীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলাৰ কথা ঘোষণা কৰিছে।

অষ্ট্ৰেলিয়াৰ ষ্টাৰ অল ৰাউণ্ডাৰগৰকীয়ে বুধবাৰে প্ৰেয়সী বিনী ৰমনক আঙঠি পিন্ধোৱা বুলি অনুৰাগী সকলক নিজৰ ইনষ্টাগ্ৰামৰ জৰিয়তে জনায়।

দুবছৰৰো অধিক সময় ধৰি প্ৰেমৰ বান্ধোনত বান্ধ খাই থকা মেক্সৱেল আৰু বিনীয়ে অৱশ্যে এই পৰ্যন্ত বিয়াৰ কথা একো প্ৰকাশ কৰা নাই। বিনীয়েও নিজৰ ইনষ্টাগ্ৰাম একাউণ্টৰ পৰা আঙঠি পিন্ধা ফটো শ্বেয়াৰ কৰে।

বিনীয়ে ইনষ্টাগ্ৰামত লিখিছিল, ‘যোৱা সপ্তাহত মোৰ পচন্দৰ ব্যক্তিগৰাকীয়ে বিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল’।

২৬ বছৰীয়া বিনী ভাৰতীয় মূলৰ যদিও তেওঁৰ জন্ম অষ্ট্ৰেলিয়া চহৰৰ মেলবৰ্ণত। মেক্সৱেলৰ দৰে জীৱনসংগী লাভ কৰা বাবে তেওঁ অত্যন্ত সুখী বুলিও নিজৰ অনুভৱ ব্যক্ত কৰে।

উল্লেখ্য যে যোৱা বৰ্ষৰ অক্টোবৰ মাহত মানসিক ৰোগত আক্ৰান্ত হোৱা বাবে মেক্সৱেল ক্ৰিকেটৰ পৰা ছসপ্তাহ আঁতৰি আছিল। এই প্ৰসংগত তেওঁ নিজৰ প্ৰেয়সীৰ কথা উল্লেখ কৰি কৈছিল যে মানসিক পৰিৱৰ্তনৰ লক্ষণ সমূহ তেওঁৱেই প্ৰথমে অনুভৱ কৰিছিল।

ক্ৰিকেটাৰগৰাকীয়ে লগতে কৈছিল যে মোৰ সেই সময়খিনিত তেওঁ মোৰ সৈতে আছিল আৰু তাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছো।