NORTHEAST NOW (Assamese)
অসম

সোনাজুৰিৰ লাংখাংত বন বিভাগে জব্দ কৰিলে গাড়ী সহ চোৰাং কাঠ

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা February 28, 2020 6:30 am
IMG-20200227-WA0013

নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মী দলে বুধবাৰে নিশা সোনাজুৰিৰ লাংখাং অঞ্চলৰ পৰা এখন গাড়ী সহ বুজন পৰিমানৰ চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, শালনা বনাঞ্চলিক বিষয়া নেপাল মণ্ডলৰ সহযোগত আৰু বনপালক প্ৰণৱ বৰাৰ নেতৃত্বত যোৱা এটা বন কৰ্মী দলে নিশা প্ৰায় ১১-৩০ বজাত সোনাজুৰিৰ লাংখাং অঞ্চলত এক গোপন সুত্ৰৰ পম খেদি অভিযান চলাই চোৰাং কাঠ কঢ়িয়াই অনা এ.এছ-১২ই-৮৫৮০ নম্বৰৰ এখন টাটা ডি আই গাড়ী জব্দ কৰে।

বুধবাৰে নিশা বন বিভাগে জব্দ কৰা চোৰাং মাকৈ শাল, বগী পমা আৰু আহৈ কাঠ খিনিৰ বজাৰ মূল্য প্ৰায় ৮০ হাজাৰ টকা হ’ব বুলি বন বিভাগৰ এক সুত্ৰই জানিবলৈ দিয়ে।

ইপিনে, চোৰাং কাঠখিনিৰে সৈতে জব্দ কৰা উক্ত গাড়ীখন বৰ্তমান শালনা বন কাৰ্যালয়ত ৰখা হৈছে বুলি জানিবলৈ দিয়ে।

আনহাতে, বন বিভাগে চোৰাং কাঠৰ বিৰুদ্ধে বুধবাৰে নিশা অভিযান চলোৱাৰ সময়ত উক্ত গাড়ী খনৰ চালক আৰু হেণ্ডিমেন দুয়ো জন আন্ধাৰৰ সুবিধা লৈ পলাই যাবলৈ সক্ষম হয় বুলি জানিব পৰা গৈছে ৷