NORTHEAST NOW (Assamese)
Popular Stories

তৃতীয় লিংগৰ আৱাস নিৰ্মাণৰ বাবে অক্ষয় কুমাৰৰ দান ১.৫ কোটি টকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 2, 2020 7:50 am
Akshay-Kumar-Donates-Rs.1.5-Crore-To-Build-A-Transgender-Home-In-India

তৃতীয় লিংগৰ আৱাস  নিৰ্মাণৰ বাবে হিন্দী চলচ্চিত্ৰ জগতৰ এগৰাকী চুপাৰষ্টাৰে আগবঢ়াইছে  বৃহৎ পৰিমাণৰ ধন।

বলিউদৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰে তৃতীয় লিংগৰ বাবে নিৰ্মাণ কৰিবলগীয়া এটা আৱাসৰ বাবে দান কৰিছে ১.৫ কোটি টকা।

এই কথা চ’ছিয়েল মিডিয়াৰ যোগে জানিবলৈ দিছে ‘লক্ষ্মী বোম্ব’ৰ সঞ্চালক ৰাঘৱ লৰেঞ্চে।

ইয়াৰ পূৰ্বেও বলিউদ চুপাৰষ্টাৰ গৰাকীয়ে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানলৈ দান বৰঙণি আগবঢ়াই আহিছে।

ছত্তিশগড়ৰ নক্সাল আক্ৰমণত নিহত চিৰ আৰ পি এফ জোৱানৰ পৰিয়ালবৰ্গলৈ তেওঁ ১২ লাখকৈ টকা আগবঢ়াইছিল। চেন্নাই সাহায্য ন্যাসলৈ তেওঁ আঅগবঢ়াইছিল ১ কোটি টকা।

আনহাতে কিছুদিনৰ পূৰ্বে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবেও অক্ষয় কুমাৰে ১ কোটি টকা দান কৰিছিল।

‘লক্ষ্মী বোম্ব’ৰ সঞ্চালক ৰাঘৱ লৰেঞ্চে তেওঁৰ ফেচবুক পেজৰ প’ষ্টৰ যোগেও অক্ষয় কুমাৰ বৰঙণিৰ কথা ঘোষণা কৰিছে। লৰেঞ্চে নিজৰ ফেচবুক পেজত ফ’টো শ্বেয়াৰ কৰাৰ লগতে লিখিছে- ‘হাই বন্ধুসকল, এটা ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছো, অক্ষয় কুমাৰ চাৰে তৃতীয় লিংগৰ আৱাসগৃহ নিৰ্মাণৰ বাবে ১.৫ কোটি টকা দান কৰিছে, যি ভাৰতবৰ্ষৰ বাবেই প্ৰথম।’

লগতে ‘আপোনালোকে জানে যে ১৫ বছৰে লৰেঞ্চ চেৰিটি ন্যাসে শিক্ষা, শিশু গৃহ, শাৰীৰিকভাৱে বিশেষ সক্ষম লোকৰ চিকিৎসা আদি বিভিন্ন সামাজিক কাম কৰি আহিছে। আমি ১৫ বছৰীয়া এই যাত্ৰাত তৃতীয় লিংগৰ বাবে এটা গৃহ নিৰ্মাণ কৰি দান কৰিব খুজিছো।’ বুলিও কয় সঞ্চালক ৰাঘৱে।