NORTHEAST NOW (Assamese)
অসম

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে দাহ কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ March 2, 2020 1:05 pm
VideoCapture_20200302-003823

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন নকৰো বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰাৰ পাছতে জাঙুৰ খাই উঠিছে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, অসম।

সংগঠনটোৱে দেওবাৰে শিৱসাগৰৰ দ’লমুখ চাৰিআলিত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

সংগঠনটোৰ প্ৰায় অৰ্ধ শতাধিক সদস্যই অমিত শ্বাহ মুৰ্দাবাদ, বিজেপি মুৰ্দাবাদ, অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন কৰিবই লাগিব, অসমীয়া বিৰোধী সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ’ব আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি দেৱজিত দত্ত আৰু উপ সভাপতি অৰূপ বৰুৱাই কয়,  ‘বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ সকলৰ ভাষা-সংস্কৃতি নিশেষ কৰাৰ ষড়যন্ত্ৰ চলাইছে’।

অসম চুক্তিৰ ৬ নং দফা আখৰে আখৰে পালন কৰিম বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰীজনে এখন বিশেষজ্ঞ কমিটি গঠন কৰি দিয়ে যদিও প্ৰতিবেদনত আন্তঃৰাজ্যিক পাৰপত্ৰৰ বিষয়টো সন্নিবিষ্ট থকাৰ বাবে গৃহ মন্ত্ৰীয়ে প্ৰতিবেদনখন নিজ হাতে গ্ৰহণ নকৰি অসমীয়া জাতিক চুড়ান্ত অপমান কৰা বুলিও মন্তব্য কৰে।