NORTHEAST NOW (Assamese)
Popular Stories

NRC-ৰ পৰা বাদ পৰা লোকক ২০ মাৰ্চৰ পৰা দিয়া হ’ব ৰিজেকশ্যন শ্লিপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 3, 2020 10:59 am
NRC-Assam

ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ পৰা নাম বাদ পৰা লোকসকলক নাম বাদ পৰাৰ কথা আনুষ্ঠানিকভাৱে জনোৱাৰ প্ৰক্ৰিয়া অহা ২০ মাৰ্চৰ পৰা আৰম্ভ হ’ব। সোমবাৰে ৰাজ্য চৰকাৰে এই কথা জানিবলৈ দিয়ে।

নাম বাদ পৰা প্ৰতিগৰাকী লোকক প্ৰমাণ পত্ৰ (ৰিজেকশ্যন শ্লিপ)ৰ জৰিয়তে জনোৱ হ’ব। লগতে চূড়ান্ত এন আৰ চিৰ পৰা কি কাৰণত নাম বাদ পৰিছে তাৰ সবিশেষ উল্লেখ থাকিব এই প্ৰমাণ পত্ৰত।

অসম বিধানসভাৰ বাজেট অভিৱেশনৰ প্ৰথম দিনা কংগ্ৰেছৰ বিধায়িকা ৰ’জলীনা তিৰ্কীৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত অসম চুক্তি ৰূপায়ণ বিভাগৰ দায়িত্বত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই কথা উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে কয়, ‘বৰ্তমান স্পিকিং অৰ্ডাৰ স্কেনিঙৰ কাম চলি আছে। এই কাম সম্পূৰ্ণ হ’বলৈ ১২ শতাংশ কাম বাকী আছে। এই কাম সম্পূৰ্ণ হোৱাৰ পিছতেই ২০ মাৰ্চৰ পৰা ৰিজেকশ্যন শ্লিপ দিয়াৰ বাবে পৰিকল্পনা কৰা হৈছে’।

আনহাতে অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ এটা লিখিত প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে অসমত নতুনকৈ এন আৰ চি কৰাৰ পৰিকল্পনা কৰা নাই বুলি সদনক জনায়।

উল্লেখ্য যে নাম বাদ কৰা লোকসকলে তেওঁলোকৰ নাম বাদ পৰা সংক্ৰান্তত চৰকাৰে দিয়া প্ৰমাণ পত্ৰ লাভ কৰাৰ ১২০ দিনৰ ভিতৰত বিদেশী ন্যায়াধীকৰণসমূহত আপীল কৰাৰ সুযোগ পাব। প্ৰমাণ পত্ৰ জাৰি নকৰাৰ বাবেই আপীল প্ৰক্ৰিয়াৰ কাম-কাজ আৰম্ভ হোৱা নাই।