NORTHEAST NOW (Assamese)
অসম

১৯ জানুৱাৰীৰ নিশা কি হৈছিল ১৩ বছৰীয়া কিশোৰীৰ লগত? পোহৰলৈ আহিছে জি এম চি এইসৰ ভয়ংকৰ ঘটনা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 24, 2025 8:26 pm
১৯ জানুৱাৰীৰ নিশা কি হৈছিল ১৩ বছৰীয়া কিশোৰীৰ লগত? পোহৰলৈ আহিছে জি এম চি এইসৰ ভয়ংকৰ ঘটনা

পোহৰলৈ আহিছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংঘটিত হোৱা এক লোমহৰ্ষক ঘটনা। চিকিৎসা মহাবিদ্যালয়খনত এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্মচাৰীৰ বিৰুদ্ধে।

জানিব পৰা মতে, বৃক্কৰ ৰোগৰ চিকিৎসাৰ বাবে যোৱা ১৩ জানুৱাৰী তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল ১৩ বছৰীয়া কিশোৰীগৰাকীক। বিগত বৰ্ষত এটা অস্ত্ৰোপচাৰ হৈ যোৱা কিশোৰীগৰাকীৰ বৰ্তমান পুনৰ এটা অস্ত্ৰোপচাৰ সম্পন্ন হৈছিল।

সেইদিনা আছিল ১৯ জানুৱাৰী। নিশা ১২ মান বজাত কিশোৰীগৰাকীৰ মাতৃয়ে ঔষধ কিনিবলৈ যোৱাৰ সময়ত তাত নিয়োজিত এগৰাকী মহিলা চাফাই কৰ্মীয়ে কিশোৰীগৰাকীক বাথৰুমলৈ লৈ গৈছিল। তাত ইতিমধ্যেই সোমাই আছিল আব্দুল ৰছিদ নামৰ আন এজন চাফাই কৰ্মীজন। মহিলা গৰাকীয়ে কিশোৰীগৰাকীক বাথৰুমত ভৰাই বাহিৰৰ পৰা দৰ্জাখন বন্ধ কৰি দিয়ে আৰু আব্দুলৰ কামনাৰ বলি হয় কিশোৰীগৰাকী।

এই ঘটনাৰ পাছত কিশোৰীগৰাকীয়ে বৰ্তমান মানসিক সন্তুলন হেৰুৱাই পেলোৱাৰ উপক্ৰম হৈছে আৰু খোৱা-বোৱাৰ পৰাও বিৰত আছে বুলি মাতৃয়ে জানিবলৈ দিছে।

ঘটনাৰ লগত জড়িত আব্দুল ৰছিদ আৰু মহিলা চাফাই কৰ্মীগৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে কিশোৰীগৰাকীৰ মাতৃয়ে।

এই ঘটনাই এতিয়া ক্ষোভৰ সৃষ্টি কৰিছে আৰু চিকিৎসালয়ত ৰোগীৰ নিৰাপত্তাৰ প্ৰশ্নটো আকৌ এবাৰ উত্থাপন হৈছে।

প্ৰশ্ন হৈছে – যদি চিকিৎসালয়ৰ কৰ্মচাৰীয়ে নিজেই এনে কাৰ্য্য সংঘটিত কৰিছে, তেন্তে দুৰ্বল শিশু আৰু কিশোৰ-কিশোৰীকে ধৰি মহিলা ৰোগী আৰু মহিলা কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ দায়িত্ব ল’ব কোনে?