NORTHEAST NOW (Assamese)
Popular Stories

১৫ বছৰীয়া নাবালক চালকে মহতিয়াই নিলে ডেৰ বছৰীয়া কণমানিক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 23, 2025 1:58 pm

দিল্লীৰ আলিপুৰ অঞ্চলত এখন গাড়ীয়ে মহতিয়াই নিয়ে ১৮ মহীয়া কেঁচুৱা।এই ঘটনা শনিবাৰে পুৱাৰ।ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত চালকজনক।

শনিবাৰে পুৱা প্ৰায় ৮.২০ বজাত মুখামেলপুৰ অঞ্চলৰ ফিৰনি পথত সংঘটিত দুৰ্ঘটনাৰ তথ্য লাভ কৰে আৰক্ষীয়ে। বিষয়াসকলে ঘটনাস্থলীলৈ গৈ গাড়ীখন দেখা পায়। চালক, ১৫ বছৰীয়া লৰা আৰু ভাতৃ (যি গাড়ীৰ মালিক)ক গ্ৰেপ্তাৰ কৰে।

ইফালে ককাকে শিশুটিক ওচৰৰ সত্যবাদী ৰাজা হৰিশচন্দ্ৰ চিকিৎসালয়লৈ নিয়াৰ সময়ত চিকিৎসকে মৃত ঘোষণা কৰে। খবৰ পোৱা গৈছে যে তেওঁৰ মূৰত গুৰুতৰভাৱে আঘাত পাইছে। সেইবাবেই তেওঁৰ মৃত্যু হল।

শিশুটিৰ মৃতদেহ বাবু জগজীৱন ৰাম চিকিৎসালয়ত ৰখা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ হৈছে।