NORTHEAST NOW (Assamese)
দেশ

অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ ছদ্মৱেশ লৈ বিধায়কৰ পৰা টকা লুটাৰ পৰিকল্পনা : অৱশেষত গ্ৰেপ্তাৰ ১৯ বছৰীয়া যুৱক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 19, 2025 11:59 am

বিলাসী জীৱনশৈলীৰ এজন বিধায়কৰ পৰা লাখ লাখ টকা লুটি নিয়াৰ চেষ্টা এজন ১৯ বছৰীয়া যুৱকৰ।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰৰ ৰূপ লৈ বিধায়কগৰাকীক ফোন কৰি ধন সংগ্ৰহ কৰাৰ চেষ্টা কৰে অভিযুক্ত প্ৰিয়ংশু পণ্টে।

জানিব পৰা মতে, ইতিমধ্যে প্ৰিয়ংশুক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। লগতে, তেওঁৰ আন কেইবাজনো সহযোগীকো গ্ৰেপ্তাৰ কৰা হৈছে।

সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি এজন আৰক্ষী বিষয়াই কয় যে বিলাসী জীৱন যাপনৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ মূল অভিযুক্ত প্ৰিয়ংশুৱে হৰিদ্বাৰৰ ৰাণীপুৰৰ বিজেপি বিধায়ক আদেশ চৌহানক ফোন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰৰ ৰূপ লৈ ৫ লাখ টকা বিচাৰিছিল।

দেওবাৰে বিয়লি প্ৰিয়ংশুৱে ফোন কৰি দলৰ পুঁজিলৈ দান দিয়াৰ নামত ধন বিচাৰিছিল বিধায়কগৰাকীৰ পৰা। অৱশ্যে ইয়াৰ পিছতেই আৰক্ষীত এজাহাৰ দাখিল কৰে বিধায়কজনে।

আৰক্ষীয়ে লগতে জনোৱা মতে, এজাহাৰ লাভ কৰাৰ পিছত সোমবাৰে বিয়লি আৰক্ষীয়ে টাৱাৰৰ স্থান আৰু কল ৰেকৰ্ড পৰীক্ষা কৰি দিল্লীৰ পৰা প্ৰিয়ংশুকক গ্ৰেপ্তাৰ কৰে। এই কামত তেওঁক আৰু দুজন লোকে সহায় কৰিছিল। উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে প্ৰিয়ংশুৰ সহযোগী উবেশ আহমেদ নামৰ দুই সহযোগীক। ইয়াৰ উপৰিও গৌৰৱ নাথ নামৰ আন এজন সহযোগীৰ সন্ধান চলি আছে।লক্ষণীয়ভাৱে অভিযুক্তৰ বিৰুদ্ধে ৰাজনীতিবিদৰ পৰা ধন আদায় কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ এইটোৱেই প্রথম নহয়৷ অভিযোগ অনুসৰি, ইয়াৰ পূৰ্বে তেওঁলোকে নৈনীতালৰ বিধায়িকা সৰিতা আৰ্য্য আৰু ৰুদ্ৰপুৰৰ বিধায়ক শিৱ অৰোৰাক মন্ত্ৰী পদৰ প্ৰতিশ্ৰুতি দি ধন আদায় কৰাৰ চেষ্টা চলাইছিল। এই ঘটনাত নৈনীতাল আৰু ৰুদ্ৰপুৰতো তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে।