NORTHEAST NOW (Assamese)
Popular Stories

২৮ বছৰীয়া সাম্ৰাজ্যৰ অন্ত: মুম্বাই পৌৰ নিগমৰ নিৰ্বাচনত থাকৰে পৰিয়ালৰ শোচনীয় পৰাজয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 16, 2026 6:35 pm

অৱশেষত ২৮ বছৰৰ একাধিপত্যৰ অন্ত পেলাই মুম্বাই পৌৰ নিগমৰ পৰা বিদায় ল’বলগীয়া হৈছে থাকৰে পৰিয়ালে। মহাৰাষ্ট্ৰৰ ৰাজনীতিত এক ডাঙৰ পৰিৱৰ্তন আনি মাৰাঠী পৰিচয়ৰ আৱেগক ব্যৱহাৰ কৰি বিজেপিয়ে বৃহনমুম্বাই পৌৰ নিগম চমুকৈ বিএমচিৰ নিয়ন্ত্ৰণ নিজৰ হাতলৈ আনিছে। এই ঐতিহাসিক জয়ৰ পিছত মহাৰাষ্ট্ৰৰ ৰাজনীতিত দেৱেন্দ্ৰ ফাদনৱীছ এজন শক্তিশালী চাণক্য হিচাপে প্ৰতিষ্ঠিত হৈছে। বিএমচিৰ মুঠ ২২৭টা ৱাৰ্ডৰ ভিতৰত বিজেপিয়ে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি ৯০ খনতকৈও অধিক আসনত অগ্ৰগতি লাভ কৰিছে। ইয়াৰ বিপৰীতে একনাথ শিণ্ডেৰ নেতৃত্বত থকা শিৱসেনাই ২৮ খন আসনত জয়লাভ কৰিছে। বিজেপিৰ এই বৃহৎ সাফল্যই প্ৰমাণ কৰিছে যে মুম্বাইৰ দৰে দেশৰ অৰ্থনৈতিক ৰাজধানীত এতিয়া গেৰুৱা বাহিনীৰ শক্তি বৃদ্ধি পাইছে।

আনহাতে পশ্চিম মহাৰাষ্ট্ৰৰ ৰাজনীতিতো এক নাটকীয় পৰিৱৰ্তন দেখা গৈছে। ক্ষমতাৰ স্বাৰ্থত নিজৰ খুড়া শৰদ পাৱাৰৰ দল ভাঙি বিজেপিত যোগদান কৰা অজিত পাৱাৰে এইবাৰ পিম্পৰী নিজৰ দখলত ৰাখিবলৈ পুনৰ খুড়াৰ লগ লাগিছিল। কিন্তু তেওঁৰ এই কৌশল সম্পূৰ্ণ ব্যৰ্থ হ’ল। পুনে আৰু পিম্পৰী-চিঞ্চৱাড পৌৰসভাত অজিত পাৱাৰে নিজৰ দুৰ্গ ৰক্ষা কৰিব নোৱাৰিলে। পুনেৰ ১৬৫ টা ৱাৰ্ডৰ ভিতৰত বিজেপিৰ অগ্ৰগতিয়ে এইটো স্পষ্ট কৰিছে যে জনসাধাৰণে মিত্ৰজোঁটৰ সঘন সালসলনিক সহজভাৱে লোৱা নাই। কোলহাপুৰ, সতৰা, সোলাপুৰ আৰু সাংগলীৰ দৰে চহৰবোৰতো বিজেপিৰ জয়জয়কাৰ দেখিবলৈ পোৱা গৈছে।

ক্ষমতা হেৰুৱালেও উদ্ধৱ থাকৰেৰ নেতৃত্বত থকা শিৱসেনাই যুঁজ এৰি দিয়া নাই। যদিও তেওঁলোকৰ আসনৰ সংখ্যা ২০১৭ চনৰ ৮৪ খনৰ পৰা কমি এইবাৰ ৬৩ খন হৈছে, তথাপিও দলীয় প্ৰতীক আৰু বহু কৰ্মী হেৰুৱাৰ পিছতো তেওঁলোকৰ এই যুঁজক ৰাজনৈতিক বিশ্লেষকসকলে গুৰুত্বসহকাৰে লৈছে। বালাছাহেব থাকৰেৰ উত্তৰাধিকাৰ এতিয়াও সম্পূৰ্ণৰূপে শেষ হৈ যোৱা নাই বুলি একাংশই ধাৰণা কৰিছে। কিন্তু নিৰ্বাচনৰ ফলাফলে দেখুৱাইছে যে উদ্ধৱ শিবিৰ এতিয়া আৰু মহাৰাষ্ট্ৰৰ ৰাজনীতিত কিং মেকাৰ হৈ থকা নাই। একনাথ সিন্দে আৰু অজিত পাৱাৰ উপ-মুখ্যমন্ত্ৰীৰ আসনত বহিলেও নিৰ্বাচনী যুঁজত তেওঁলোক এতিয়া একপ্ৰকাৰ এলাগী হৈ পৰিছে।

গ্ৰেণ্ড এলায়েন্সৰ অংশীদাৰ হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি মিত্ৰজোঁটে মুঠ ১১৪ খন আসনত অগ্ৰগতি লাভ কৰি বিএমচিৰ ক্ষমতা দখলৰ পথ প্ৰশস্ত কৰিছে। আঠ বছৰৰ মূৰত অনুষ্ঠিত হোৱা এই পৌৰ নিৰ্বাচনে মহাৰাষ্ট্ৰৰ ভৱিষ্যত ৰাজনীতিৰ এক নতুন ছবি দাঙি ধৰিছে। বিজেপিয়ে কেৱল মুম্বাইয়ে নহয়, ৰাজ্যখনৰ ২৯ খন পৌৰসভাৰ বেছিভাগতে নিজৰ আধিপত্য বিস্তাৰ কৰিছে। বিশেষকৈ অজিত পাৱাৰৰ দৰে নেতাই খুড়াকৰ সৈতে গোপনে হাত মিলাইও নিজৰ পুৰণি দুৰ্গ ৰক্ষা কৰিব নোৱাৰাটোৱে ৰাজ্যখনৰ ভোটাৰৰ পৰিৱৰ্তিত মানসিকতাকে সূচাইছে।