NORTHEAST NOW (Assamese)

নগাঁৱৰ যুৱকে হাইদৰাবাদত গৈ হত্যা কৰিলে নিজ সহোদৰক

February 19, 2023 9:28 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 19, 2023 8:44 pm

নগাঁওৰ এজন ৩০ বছৰীয়া যুৱকে হায়দৰাবাদত মদ্যপান কৰি নিজৰ জ্যেষ্ঠ ভাতৃক হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। অভিযুক্ত যুৱকগৰাকীৰ নাম অংকিত বৰা।

আৰ্থিক বিষয়ক লৈ অংকিত বৰাই ভাতৃ ৰঞ্জিত বৰা (৩২)ৰ সৈতে তীব্ৰ কাজিয়াত লিপ্ত হয়। পৰৱৰ্তী সময়ত অংকিতে ক্ষোভত চোকা অস্ত্ৰৰে ৰঞ্জিতক আক্ৰমণ কৰে। নৰ্থইষ্ট নাওক জনোৱা মতে, ৰঞ্জিত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে থিতাতে মৃত্যু হয়।

জানিব পৰা মতে, ৰঞ্জিত বৰা, আৰু তেওঁৰ কনিষ্ঠ ভাতৃ অংকিত বৰা দুয়োজনে হায়দৰাবাদৰ ফিল্ম চেম্বাৰ এছ’চিয়েশ্যনত নিৰাপত্তাৰক্ষী হিচাপে কাম কৰিছিল। হায়দৰাবাদৰ বঞ্জাৰা হিলছ থানাৰ অন্তৰ্গত ফিল্ম চিটিৰ এটা ভাড়াঘৰত বাস কৰিছিল দুই ভাতৃয়ে।

নিৰাপত্তাৰক্ষীৰ পৰিদৰ্শক এম নৰেন্দৰে জনোৱা মতে তেওঁলোকৰ ভাড়াঘৰত সুৰাৰ পাৰ্টি হৈছিল। সুৰাৰ ৰাগীতে সামান্য কথাত কাজিয়াত লিপ্ত হৈছিল দুই ভাতৃ।

শনিবাৰে ৰঞ্জিত বৰাৰ মৃতদেহটো গান্ধী হাস্পতালৰ মৰ্গলৈ স্থানান্তৰিত কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালক গতাই দিয়ে।

আৰক্ষীয়ে জনোৱা মতে, বঞ্জৰা হিলছ আৰক্ষীয়ে অংকিতক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাইছে আৰু আদালতে তেওঁক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

Related News