NORTHEAST NOW (Assamese)
Popular Stories

পুৰুষে নহয়, এইবাৰ মহিলাই এগৰাকী কিশোৰৰ ওপৰত চলালে অকথ্য যৌন নিৰ্যাতন।

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 5, 2023 9:28 pm
পুৰুষে নহয়, এইবাৰ মহিলাই এগৰাকী কিশোৰৰ ওপৰত চলালে অকথ্য যৌন নিৰ্যাতন।

আমেৰিকাৰ ক’লৰাড’ত এগৰাকী ১৩ বছৰীয়া কিশোৰক এগৰাকী ৩১ বছৰীয়া মহিলাই যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। জানিব পৰা মতে মহিলাগৰাকীৰ নাম আন্দ্ৰেয়া চেৰানো।

কিশোৰটিক যৌন নিৰ্যাতন চলোৱাৰ পিছত মহিলাগৰাকী গৰ্ভৱতীও হয়। যোৱা বছৰ নিৰ্যাতিত কিশোৰটিৰ মাতৃয়ে দাখিল কৰা গোচৰ অনুসৰি গ্ৰেপ্তাৰ হৈছিল মহিলাগৰাকীক। সেই সময়ত তেওঁ নিজৰ অপৰাধ স্বীকাৰো কৰিছিল। অৱশ্যে বৰ্তমান আন্দ্ৰেয়া জেলৰ বাহিৰত।

মূলতঃ আন্দ্ৰেয়াৰ বিৰুদ্ধে দুটা অভিযোগ উত্থাপন কৰা হৈছে। প্ৰথমটো আস্থা ভংগ আৰু দ্বিতীয়টো নাবালকৰ ওপৰত যৌন নিৰ্যাতন। যোৱা বছৰৰ জুন মাহত গ্ৰেপ্তাৰ হোৱাৰ পিছত কিশোৰজনৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰাৰ কথা স্বীকাৰ কৰিছিল আন্দ্ৰেয়া চেৰানোৱে। ইয়াৰ পিছত জুলাই মাহত আন্দ্ৰেয়াই ৭০ হাজাৰ মাৰ্কিন ডলাৰৰ বিনিময়ত জামিন লাভ কৰে।

জনা যায় যে আন্দ্ৰেয়াৰ অধিবক্তাসকলে চৰকাৰী অধিবক্তাৰ সৈতে এক চুক্তিত উপনীত হৈছে। যাৰ ফলত কাৰাগাৰৰ পৰা ৰেহাই লাভ কৰিছে অভিযুক্ত মহিলাগৰাকীয়ে। ইতিমধ্যে আন্দ্ৰেয়াই এটি সন্তান জন্ম দিছে আৰু শিশুটি আন্দ্ৰেয়াৰ লগতেই আছে।

আন্দ্ৰেয়াই শাস্তিৰ পৰা মুক্তি লাভ কৰাৰ পিছত এতিয়া ন্যায়ৰ অভাৱত ক্ষুব্ধ হৈ পৰিছে ভুক্তভোগী কিশোৰটিৰ মাতৃ। কিশোৰটিৰ মাতৃয়ে কৈছে – “মোৰ লৰাৰ শৈশৱ তাৰ পৰা কাঢ়ি লোৱা হৈছে। তাৰ ওপৰত যি অত্যাচাৰ হৈছে সেই অত্যাচাৰ গ্ৰহণ কৰিয়েই সি গোটেই জীৱন কটাবলগীয়া হৈছে।”

লগতে ভুক্তভোগী কিশোৰটিৰ মাতৃয়ে কয়, “মই মাত্ৰ অনুভৱ কৰোঁ যে সেই মহিলাগৰাকী যদি পুৰুষ আৰু মোৰ সন্তানটো ছোৱালী হ’লহেঁতেন তেন্তে পৰিস্থিতি সম্পূৰ্ণ বেলেগ হ’লহেঁতেন। অপৰাধী গৰাকী মহিলা হোৱাৰ বাবেই অধিবক্তাই তেওঁক কোমল চকুৰে চাইছে।”

আদালতত মাতৃগৰাকীয়ে কয়, ‘আন্দ্ৰেয়াই মোৰ ১৩ বছৰীয়া সন্তানক যৌন নিৰ্যাতন চলাইছিল। কেৱল এয়াই নহয়, মোৰ ল’ৰাক ড্ৰাগছ সেৱন কৰিবলৈও প্ৰৰোচিত কৰিছিল।”

উল্লেখ্য যে জামিন প্ৰদানৰ পিছত ১৮ মে’ত এই গোচৰৰ পৰৱৰ্তী শুনানি নিৰ্ধাৰণ কৰা হৈছে।