NORTHEAST NOW (Assamese)
Popular Stories

ফেচবুকৰ চিনাকী ছোৱালীৰ লগত নগ্ন হৈ ভিডিঅ’ কল! ব্লেক মেইলিঙৰ কবলত লাওলোৱা হ’ল হীৰা ব্যৱসায়ী

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী December 21, 2023 5:45 pm

এইবাৰ পোহৰলৈ আহিছে অচিনাকী যুৱতীৰ কবলত পৰি মানধন হেৰুৱাবলগীয়া হোৱা চুৰাটৰ এগৰাকী হীৰা ব্যৱসায়ীৰ কথা। ফেচবুকত চিনাকী ছোৱালীৰ লগত নগ্ন হৈ কথা পাতি অৱস্থা কাহিল হৈছে ব্যৱসায়ীজনৰ।

যোৱা ১৩ আগষ্টত ব্যৱসয়ীগৰাকীয়ে লাভ কৰিছিল এটা বন্ধুত্বৰ অনুৰোধ। ফেচবুকত পূজা শৰ্মা নামৰ এটা একাউণ্টৰ পৰা এই অনুৰোধ লাভ কৰিছিল ব্যৱসায়ীগৰাকীয়ে।

এই অনুৰোধ গ্ৰহণ কৰাৰ পিছৰে পৰা দুয়োৰে মাজত কথাৰ আদানপ্ৰদান হয়। ইয়াৰ পিছতে দুয়োৰে মাজত মবাইল নম্বৰো ভাগবতৰা হয়। দুয়ো হোৱাটছ এপত কথা পাতিবলৈ আৰম্ভ কৰে।

এনেদৰেই কথা পাতি পাতি উলংগ হৈ ভিডিঅ’ কল কৰাৰ প্ৰস্তাৱ দিয়ে যুৱতীগৰাকীয়ে। কিন্তু চৰ্ত আছিল কেমেৰাৰ সমুখত ব্যৱসায়ী গৰাকীও উলংগ হ’ব লাগিব।

অৱশেষত উলংগ হৈ ভিডিঅ’ কল কৰিলে যুৱতীয়ে গৰাকীয়ে। তাৰপিছত যুৱকজনকো উলংগ হ’বলৈ খাটনি কৰে যুৱতীয়ে। কিন্তু যুৱকজন উলংগ হোৱাৰ অলপ পিছতেই ফোনটো কাটি দিয়ে ছদ্মৱেশী যুৱতীগৰাকীয়ে।

ইয়াৰ পিছতেই আৰম্ভ হয় ব্লেক মেইলিং। যুৱকৰ নগ্ন ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকিৰে দাবী কৰে বুজন পৰিমাণৰ টকা।

১৪ আগষ্টত আৰক্ষীৰ পোছাক পৰিহিত এজন ব্যক্তিয়ে ভিডিঅ’ কলৰ জৰিয়তে ভুক্তভোগী ব্যৱসায়ী গৰাকীক ফোন কৰি নিজকে ‘ডি এছ পি’ সুনীল ডুবে বুলি পৰিচয় দিয়ে আৰু তেওঁ ভুক্তভোগীক ইউটিউবৰ ভুৱা বিষয়া সঞ্জয় ছিংগানিয়াৰ সৈতে কথা পাতিবলৈ কয়। এই ভুৱা বিষয়া দুজনে ভিডিঅ’ ডিলিট কৰাৰ বিনিময়ত কেইবালাখো টকা দাবী কৰে। এই দাবী অনুসৰি ব্যৱসায়ীগৰাকীয়ে ৫.৬৫ লাখ টকা ট্ৰান্সফাৰ কৰে।

ইমানতো সন্তুষ্ট নহৈ অধিক টকা বিচাৰে প্ৰৱঞ্চকৰ দলটোৱে।। ইয়াৰ পিছত আৰু ধন দিব নোৱাৰি ব্যৱসায়ীগৰাকীয়ে ঘটনাৰ বিষয়ে আৰক্ষীক অৱগত কৰে।

তেওঁ চাইবাৰ হেল্পলাইনৰ সৈতে যোগাযোগ কৰি এই ঘটনাৰ গোচৰ দিয়ে। জানিব পৰা মতে, অভিযুক্তৰ বিৰুদ্ধে আই পি চি ৩৮৪, ১৭০, ১৭১, ৫০৭, ১২০ বি আৰু আই টি আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ ৰুজু কৰা হৈছে।