NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী নিৱাসত ছাত্ৰীৰ আত্মহত্যাৰ প্ৰচেষ্টা

September 17, 2018 2:09 pm
CAG report says Gauhati University offered 21 unapproved courses for 7 yrs

ঘটনাৰ বিৱৰণি মতে বিশ্ববিদ্যালয়থখনৰ ‘শিক্ষা বিভাগ’ৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী ৰিংকু দেবীয়ে (২১) তেওঁ থকা জালুকবাৰীৰ ছাত্ৰী নিৱাসৰ কোঠাৰ চিলিং ফেনত চিপজৰী লৈ আত্মহত্যা কৰাৰ প্ৰচেষ্টা চলায়।

আত্মহনৰ প্ৰচেষ্টা লোৱাৰ সময়ত ৰিংকুৱে  বিশ্ববিদ্যালয়খনৰ আৰচিচি-৫ ছাত্ৰী নিৱাসত তেওঁৰ কোঠাটোত আছিল। ৰিংকু দেবীৰ ঘৰ হৈছে নগাঁৱত।

কি কাৰণে ছাত্ৰীগৰাকীয়ে এইদৰে চৰমপন্থাৰ সিদ্ধান্ত ল’লে সেই কথা এতিয়াও নিশ্চিতভাৱে জানিব পৰা হোৱা নাই। বৰ্তমান ছাত্ৰীগৰাকী সুস্থ আছে বুলি জানিব পৰা গৈছে।