NORTHEAST NOW (Assamese)
অসম

ভাৰতত পুনৰ ভূমিকম্প; এইবাৰ কঁপি উঠিল পঞ্জাৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 14, 2022 9:28 am

Earthquake hits Punjab this morning নেচনেল চেণ্টাৰ ফৰ চিচমোলজি-য়ে জানিবলৈ দিয়া মতে দেওবাৰ আৰু সোমবাৰৰ মাজনিশা পঞ্জাৱৰ অমৃতসৰত ৰিখটাৰ স্কেলত ৪.১ মাত্ৰাৰ এক ভূমিকম্প অনুভুত হয়। পুৱা প্ৰায় ৩.৪২ বজাত এই কম্পন অনুভূত হয়।

নেচনেল চেণ্টাৰ ফৰ চিচমোলজীয়ে জনাইছে, “ভূমিকম্পৰ প্ৰাবল্য: ৪.১, ১৪-১১-২০২২, ০৩:৪২:২৭ ভাৰতীয় সময়, অক্ষাংশ: ৩১.৯৫ আৰু দ্ৰাঘিমাংশ: ৭৩.৩৮, গভীৰতা: ১২০ কিমি, অৱস্থান: পঞ্জাৱৰ অমৃতসৰৰ পৰা ১৪৫ কিমি পশ্চিম-উত্তৰ-পশ্চিম”।

এই ভূমিকম্পৰ ফলত এতিয়ালৈকে কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই।

ইয়াৰ পূৰ্বে শনিবাৰে সন্ধিয়া ভূমিকম্পই দিল্লী-এনচিআৰক জোকাৰি গৈছিল। সন্ধিয়া প্ৰায় ৮ বজাত কম্পন অনুভূত হৈছিল। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিয়ে জানিবলৈ দিয়া মতে, শনিবাৰে সন্ধিয়া ৭:৫৭ বজাত নেপালত ৫.৪ প্ৰাবল্যৰ ভূমিকম্প হয়। “ভূমিকম্পৰ গভীৰতা ভূগৰ্ভৰ ১০ কিলোমিটাৰ তলত আছিল।”

ইয়াৰ আগেয়ে শনিবাৰে আবেলি ৪.১৫ বজাত উত্তৰাখণ্ডত ৰিখটাৰ স্কেলত ৩.৪ মাত্ৰাৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল। ইয়াৰ কেন্দ্ৰবিন্দু আছিল পাউৰী গড়ৱাল অঞ্চল। নেচনেল চেণ্টাৰ ফৰ চিচমোলজিৰ মতে, উত্তৰাখণ্ড-নেপাল সীমান্তৰ হিমালয় অঞ্চলত ৮ ৰ পৰা ১২ নৱেম্বৰৰ ভিতৰত কমেও আঠটা ভূমিকম্প হৈছে।

কেইদিনমান পূৰ্বে দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ, উত্তৰাখণ্ড, দিল্লী, মধ্য প্ৰদেশ, হিমাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ বহু চহৰত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল।  মঙলবাৰৰ সেই ভূমিকম্পৰ কেন্দ্ৰবিন্দু আছিল নেপাল। ডোটিত এটা ঘৰ খহি পৰাৰ ফলত ছয়জন লোকৰ মৃত্যু হৈছিল।