NORTHEAST NOW (Assamese)
দেশ

পুনৰ ধৰ্ষণ : ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি গ্ৰেপ্তাৰ ৪২ বছৰীয়া ব্যক্তি

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী August 26, 2024 7:00 am

মহাৰাষ্ট্ৰত পুনৰ সংঘটিত হৈছে ধৰ্ষণকাণ্ড। ১২ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ এজন ৪২ বছৰীয়া ব্যক্তিক কৰা হৈছে গ্ৰেপ্তাৰ।

আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, অভিযুক্তজন ভুক্তভোগীৰ চুবুৰীয়া।

আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্তৰ নাম ৰাম গণপত ভোয়েৰ। তেওঁৰ ঘৰ তাৰাপুৰৰ।

শনিবাৰে দুপৰীয়া ঘৰত অকলে আছিল কিশোৰীগৰাকী। সেই কথা গম পাই অভিযুক্তই কিশোৰীক নিজৰ ঘৰলৈ যায়।

অকলে থকাৰ সুযোগ লৈ কিশোৰীগৰাকীক ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে। যেতিয়া ভুক্তভোগীয়ে চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰে তেতিয়া অভিযুক্তই তাৰ পৰা পলায়ন কৰে।

ভুক্তভোগীৰ পিতৃ-মাতৃ ঘৰলৈ উভতি অহাৰ পিছত তেওঁলোকে থানাত এজাহাৰ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে POCSO ধাৰাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে।

ইয়াৰ উপৰিও ভাৰতীয় দণ্ডবিধিৰ ৬৪ ধাৰাত গোচৰো ৰুজু কৰা হৈছে।

দেওবাৰে পুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক।