NORTHEAST NOW (Assamese)
অসম

এজোপা ৫৮৬ বছৰীয়া বিৰল প্ৰজাতিৰ বটবৃক্ষ-নাম বাখৰ বেঙেনা; ক’ত আছে এইজোপা গছ?

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ October 15, 2020 3:23 pm
20201015_144630

এইখন অসমতে অৱস্থিত ৫৮৬ বছৰীয়া এজোপা বিস্ময়কৰ বটবৃক্ষ। আহোম ৰাজত্ব কালৰ বৰ্ণিল ইতিসাহৰ সাক্ষী এইজোপা বটবৃক্ষৰ নাম ‘বাখৰ বেঙেনা’।

শিৱসাগৰ জিলাৰ বকতা মৌজাৰ বাখৰ বেঙেনা অঞ্চলত অৱস্থিত এইজোপা গছ। পৃথিৱীৰ বিৰল প্ৰজাতিৰ গছৰ ভিতৰত বাখৰ বেঙেনাও অন্যতম বুলি জনা যায়।

প্ৰায় ৩০ ফুট উচ্চতা এইজোপা বাখৰ বেঙেনাৰ বৈজ্ঞানিক নাম ‘ৰেনডিয়া ইউলিনডিন’চা’।

আন এক বৈশিষ্ট আছে এইজোপা বিৰল প্ৰজাতিৰ গছৰ। এই জোপা গছৰ প্ৰজনন ক্ষমতা নাই। এই গছৰ গুটিৰ পৰা পুলি নগজে। স্থানীয় লোকে এই গছৰ বীজ ৰোপন কৰিছে যদিও আজিলৈকে পুলি ওলোৱা নাই সেই বীজৰ পৰা।

স্থানীয় লোকৰ মতে শিপাৰ পৰাহে পুলি গজে এই বাখৰ বেঙেনাৰ।

এই গছজোপা কোনে ৰুইছিল, কেনেদৰে এই অঞ্চল পালেহি ইয়াৰ কোনো তথ্য নাই যদিও স্থানীয় ৰাইজৰ মুখে মুখে ইয়াৰ কিছু ইতিহাস আছে।

বাখৰ বেঙেনাৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি লক্ষী কোঁৱৰে আমাক জনায় যে, এক অলৌকিক শক্তিৰ অধিকাৰী এইজোপা বাখৰ বেঙেনা। অতীজৰে পৰা এই গছজোপাৰ তলত মানুহে পূজা অৰ্চনা কৰি আহিছে।

আজিৰ পৰা ৬/৭ বছৰৰ আগতে জেঠ মাহত কোনো এক বিশেষ দিনৰ সন্ধিয়া এই বাখৰ বেঙেনা গছজোপাৰ তলত কিছু সময়ৰ বাবে সমগ্ৰ অঞ্চলটো চাকিৰ পোহৰেৰে আলোকিত হৈ পৰিছিল। সেই অলৌকিক ঘটনা তেওঁ নিজে দেখিছে বুলি আমাক জানিবলৈ দিয়ে।

20201015_144801
ফটো: নৰ্থইষ্ট নাও

বাখৰ বেঙেনাৰ বিষয়ে বিজ্ঞান সন্মত তথ্য জানিবলৈ ২০১৪ চনত ড০ দিপক নাথৰ প্ৰচেষ্টাত বীৰবল শ্বাহিন ইনষ্টিটিউত অৱ পেলিঅ’বেটানী লক্ষৌৰ গৱেষণাগাৰত গৱেষণা কৰা হয়। এই গৱেষণাতে বাখৰ বেঙেনাৰ সেই সময়ত ৫৮০ বছৰ বুলি নিশ্চিত কৰে। বৰ্তমান বাখৰ বেঙেনাৰ বয়স ৫৮৬ বছৰ।

এই বাখৰ বেঙেনা চাবলৈ বহু দৰ্শনাৰ্থী আহে যদিও বৰ্তমানলৈকে অঞ্চলটোক এক পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিব পৰা নাই চৰকাৰ তথা স্থানীয় প্ৰশাসনে। অৱশ্যে এইজোপা বিৰল প্ৰজাতি গছৰ নামত ভাৰত চৰকাৰে ডাক টিকট প্ৰচলনৰ ব্যৱস্থা কৰিছে।

বাখৰ বেঙেনাক এতিয়া সংৰক্ষণৰ প্ৰয়োজন। চৰকাৰে আন আন পৰ্যটনস্থলীৰ দৰে বাখৰ বেঙেনাৰ ওপৰতো গুৰুত্ব দিয়ক। বিশ্ববাসীৰ ওচৰত চিনাকী কৰি দিয়ক এই বিৰল প্ৰজাতি বটবৃক্ষ জোপাক।