NORTHEAST NOW (Assamese)

পকাই ধৰিলে প্ৰকাণ্ড অজগৰে : পাকঘৰত দুঘন্টা ধৰি নাগপাশত বন্দী হৈ থাকিল ৬৪ বছৰীয়া মহিলা

September 30, 2024 6:55 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

৬৪ বছৰীয়া এগৰাকী মহিলাই পাকঘৰত নিশাৰ আহাৰ প্ৰস্তুত কৰি আছিল। তেনেতে হঠাৎ ভৰিত এটা চোকা বিষ অনুভৱ কৰিলে বয়োজ্যেষ্ঠ মহিলাগৰাকীয়ে। তাৰপিছত তেওঁ দেখে যে তেওঁক ভৰিৰ ফালৰ পৰা এটা প্ৰকাণ্ড অজগৰে পকাই ধৰিছে। সাপটোৰ পাশৰ পৰা নিজকে ৰক্ষা কৰিব খোজেতেই সাপটোৱে মহিলাগৰাকীৰ সৰ্ব শৰীৰ পকাই ধৰিলে।

থাইলেণ্ডৰ বেংককত সংঘটিত হৈছে এই ঘটনা। চাৰি-পাঁচ মিটাৰ দীঘল এটা বাৰ্মিজ অজগৰে মহিলাগৰাকীক পাকঘৰৰ ভিতৰতে পকাই ধৰি মজিয়াত পেলাই দিয়ে।

তেনেদৰেই চিঞৰ-বাখৰ আৰু সাপটোৰ কবলৰ পৰা নিজকে উদ্ধাৰৰ বাবে প্ৰায় ডেৰ ঘন্টাতকৈও অধিক সময় মহিলাগৰাকীয়ে যুঁজি থাকিলে।

তেনেতে ঘৰৰ কাষেৰে পাৰ হৈ যোৱা এজন চুবুৰীয়া ব্যক্তিয়ে সেই মৰণকাতৰ চিঞৰ শুনি স্থানীয় কৰ্তৃপক্ষক খবৰ দিয়ে। তাৰপিছত কৰ্তৃপক্ষই আহি মহিলাগৰাকীক সাপটোৰ কবলৰ পৰা মুক্ত কৰে।

অনুসৰ্না আংমালে নামৰ এজন আৰক্ষী বিষয়াই কয় যে, ‘‘মই অহাৰ পিছতো দেখিলোঁ যে মহিলাগৰাকীয়ে দুৱাৰৰ ফালে হেলান দি আছে। তেওঁক বিধ্বস্ত আৰু শেঁতা যেন লাগিছিল আৰু সাপটোৱে তেওঁক অৱশ কৰি পেলাইছিল। বিষ আৰু ভয়ত মহিলাগৰাকীয়ে কেঁকাই আছিল।”

ইয়াৰ পিছতে আৰক্ষী আৰু পশু নিয়ন্ত্ৰণ বিষয়াই সাপটোৰ পৰা মহিলাগৰাকীক উদ্ধাৰ কৰি সাপটোক হাবিৰ মাজত এৰি দিয়ে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি সাপটোৱে মহিলাগৰাকীক প্ৰায় দুঘণ্টা ধৰি ৰাখিছিল। জানিব পৰা মতে চিকিৎসাৰ অন্তত মহিলাগৰাকী এতিয়া সুস্থ হৈ উঠিছে।

Related News