NORTHEAST NOW (Assamese)
অসম

কাজিৰঙাত বনৰীয়া ম’হৰ আক্ৰমণত আহত ৬৫ বছৰীয়া মহিলা

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 24, 2024 7:55 pm

বোকাখাতৰ নিকৰিৰ ধনশ্ৰী টেমেৰাত সংঘটিত হৈছে ভয়ংকৰ ঘটনা । কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা বনৰীয়া মহৰ আক্ৰমণত গুৰুত্বৰ ভাৱে আহত হৈছে ৬৫ বছৰীয়া এগৰাকী মহিলা।

আহত মহিলা গৰাকীৰ নাম সৰুআইটী মৰাং।

আজি পুৱা প্ৰায় ৬ বজাত পথাৰত ছাগলী এৰাল দিবলৈ যোৱাৰ সময়তে পথাৰৰ মাজত বনৰীয়া মহটোৱে অতৰ্কিতে আক্ৰমণ কৰে মহিলা গৰাকীক।

গাওঁখনৰ কেইজনমান লোকে বনৰীয়া মহটোৰ ভয়ংকৰ আক্ৰমণৰ পৰা কোনোমতে মহিলা গৰাকীক ৰক্ষা কৰে যদিও চকু, মুখ ,আৰু বুকুৰ লগতে পেটত গুৰুত্বৰভাৱে আঘাত পায় মহিলা গৰাকীয়ে।

মহিলাগৰাকীক প্ৰথমে বোকাখাতৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰে চিকিৎসকে।