NORTHEAST NOW (Assamese)
অসম

ভাঙি পৰিব পাৰে বিশ্বৰ বৃহত্তম বৰফখণ্ড এন্টাৰ্কটিকাৰ এ-৬৮!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 23, 2020 9:37 pm
A-68-in-Antarctica-750x375

বিশ্বৰ বৃহত্তম বৰফখণ্ড এ-৬৮এক ক্ষুদ্ৰ অংশত পৰিণত হৈছে। ২০১৭চনত মহাদেশখনৰ পৰা ভাঙি অহাৰ পাছত প্ৰায় ৫,১০০বৰ্গকিলোমিটাৰ জোৰা জলপিণ্ডটোৱে হৈছে এন্টাৰ্কটিকাৰ আটাইতকৈ বৃহত্তম মুক্ত ভাসমান বৰফৰ খণ্ড।

বৃহস্পতিবাৰে এইটো প্ৰায় ১৭৫বৰ্গ কিলোমিটাৰৰ ডাঙৰ এটুকুৰালৈ ভাঙি পৰিছে।

হিমশিলাটো বৰ্তমান উত্তৰৰ পৰা এন্টাৰ্কটিক পেনিনছুলালৈ গতি কৰিছে। কঠিন, কুহুমীয়া পানীত প্ৰৱেশ কৰাৰ পাছত ই এতিয়া দক্ষিণ আটলান্টিকৰ দিশে টোৱাই গতি লৈছে।

বাতৰি অনুসৰি, ইয়াৰ গতিবিধি নিৰীক্ষণ কৰি ভূ-বিজ্ঞানীয়ে কৈছে যে নতুনকৈ ঘটা ভাঙোন এই বিশালাকায় বৰফখণ্ড শেষ হৈ যোৱাৰ আৰম্ভণি হ’ব পাৰে।

অসমৰ দ্বিতীয় বৃহৎ জিলা শোণিতপুৰৰ সমান হ’ব এই বৰফখণ্ডৰ আয়তন।

বৃহস্পতিবাৰে প্ৰকাশ পোৱা বিবিচিৰ বিজ্ঞান বিষয়ক সংবাদদাতা জোনাথন এমোছৰ প্ৰতিবেদন অনুসৰি বৰফখণ্ডটো সৰু টুকুৰালৈ ভাঙি পৰিছে।

প্ৰতিবেদন অনুসৰি, এ-৬৮ৰ স্খলন য়ুৰোপীয় য়ুনিয়নৰ ছেন্টিনেল-১ ছেটেলাইটৰ জৰিয়তে ধৰা পৰিছে। কোৱা হৈছে যে এ-৬৮ৰ চূড়ান্ত খহনীয়াৰ সম্ভৱত: এইটোৱেই আৰম্ভণি।

উল্লেখযোগ্য যে ২০১৭ চনত এ-৬৮ প্ৰায় ৬,০০০বৰ্গ কিলোমিটাৰ অঞ্চল সামৰি আছিল আৰু কেইমাহ ধৰি বৰ বেছি আঁতৰলৈ গতি লাভ কৰা নাছিল।

লাহে লাহে এই বিশালকায় বৰফখণ্ড উত্তৰৰ দিশে গতি কৰিবলৈ আৰম্ভ কৰিছে। বিজ্ঞানীসকল চিন্তিত যে  এ-৬৮ ৰ গতিত এতিয়া স্তৱিৰতা আহিছে আৰু অহা কেইমাহত অধিক স্খলনৰ কথা উলাই কৰিব নোৱাৰি।

বৰ্তমান এই বৰফখণ্ড দক্ষিণ অৰ্কনে’ আইলেণ্ডৰ মাজেৰে পাৰ হৈছে আৰু পৰৱৰ্তী সময়ত দক্ষিণ ছেণ্ডুইছ আইলেণ্ডৰ দিশে গতি কৰিব পাৰে।