NORTHEAST NOW (Assamese)
অসম

বিদ্যালয়ৰ খেলপথাৰত খেলি থাকোতে ঢলি পৰিল ৯ বছৰীয়া ছাত্ৰী; হাৰ্ট এটেকত আঁকোৱালি ল’লে মৃত্যুক

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 26, 2026 5:18 pm

ৰাজস্থানৰ এখন বিদ্যালয়ৰ পৰা প্ৰকাশ পাইছে এটা মৰ্মান্তিক ভিডিঅ’। নাগৌৰৰ এখন ব্যক্তিগত বিদ্যালয়ৰ এগৰাকী ৯ বছৰীয়া ছাত্ৰীৰ হাৰ্ট এটেকত মৃত্যু হয়। বিদ্যালয়ৰ খেলপথাৰত খেলি থাকোঁতে ঢলি পৰে ছাত্ৰীগৰাকী।

বিদ্যালয় পৰিচালনা সমিতিয়ে ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসাৰ সময়ত চিকিৎসকে ছাত্ৰীগৰাকীক মৃত বুলি ঘোষণা কৰে। বাতৰি অনুসৰি, প্ৰায় চাৰি মাহ পূৰ্বেও একেধৰণৰ হাৰ্ট এটেকত আক্ৰান্ত হৈ ছোৱালীজনীৰ ডাঙৰ ভাতৃৰ মৃত্যু হৈছিল।

ছাত্ৰীগৰাকী পঞ্চম শ্ৰেণীৰ দিব্যা আৰু তালানপুৰৰ ৰাজেন্দ্ৰ বাপেডিয়াৰ কন্যা বুলি জানিব পৰা গৈছে। ২৩ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৭:৪৮ বজাত এই কাণ্ড সংঘটিত হয় আৰু খবৰ অনুসৰি পুৱাৰ প্ৰাৰ্থনা আৰম্ভ হ’বলৈ বাকী আছিল। বিদ্যালয়ৰ খেলপথাৰত কেবাগৰাকীও ল’ৰা-ছোৱালীয়ে খেলা-ধূলা কৰি আছিল। দিব্যাও সিহঁতৰ লগত খেলি থাকোঁতে হঠাৎ ঢলি পৰে। কিছু সময় পিছতে তাই অজ্ঞান হৈ পৰি যায়।

বিদ্যালয়ৰ কৰ্মচাৰীয়ে লগে লগে তাইক চিকিৎসালয়লৈ লৈ যায় আৰু তাত উপস্থিত হোৱাৰ লগে লগে তাইক চিকিৎসকে মৃত বুলি ঘোষণা কৰা হয়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি পৰিয়ালৰ সন্মতি সাপেক্ষে মৰণোত্তৰ পৰীক্ষা অবিহনে ছোৱালীজনীক দাহ কৰা হয়। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই ঘটনাৰ এটা ভিডিঅ’।

পৰিয়ালৰ লোকে উল্লেখ কৰে যে দিব্যাৰ জ্যেষ্ঠ ভাতৃ অভিষেকৰো প্ৰায় চাৰি মাহ পূৰ্বে একে ধৰণেৰে মৃত্যু হৈছিল। বাতৰি অনুসৰি ২০২৫ চনৰ ৯ ছেপ্টেম্বৰত ঘৰতে খেলি থাকোঁতে তেওঁ অচেতন হৈ পৰে। ইয়াৰ পিছতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। ইমান কম সময়ৰ ভিতৰতে দুই ভাই-ভনীৰ মৃত্যুত তেওঁলোকৰ পৰিয়াল আৰু চৌপাশৰ লোকসকল তীব্ৰ শোকাভিভূত হৈ পৰে।

হৃদযন্ত্ৰ শৰীৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ। গতিকে হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু ভাৰতত হৃদযন্ত্ৰৰ ৰোগ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। বিশ্বজুৰি মৃত্যুৰ প্ৰধান কাৰণ হৈছে হৃদযন্ত্ৰৰ ৰোগ।

বিশ্ব স্বাস্থ্য সংস্থাই (WHO) প্ৰকাশ কৰিছে যে ২০২২ চনত প্ৰায় ১৯.৮ নিযুত লোকৰ হৃদযন্ত্ৰৰ ৰোগ (CVD)ৰ ফলত মৃত্যু হৈছিল। এই মৃত্যুৰ ৮৫% হৃদৰোগ আৰু ষ্ট্ৰোকৰ ফলত হৈছিল। শেহতীয়াকৈ বি এম বিৰলা হাৰ্ট হস্পিতালৰ এক প্ৰতিবেদনত দেখা গৈছে যে ১৯০ খনতকৈও অধিক দেশত হাৰ্ট এটেকত হোৱা মৃত্যুৰ ভিতৰত ২০ শতাংশ ভাৰতত।