NORTHEAST NOW (Assamese)
অসম

ক’ৰনাক জয় কৰি ঘৰলৈ উভতিল শিৱসাগৰৰ ৯৮ বছৰীয়া আইতা খগেশ্বৰী বৰা

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ September 26, 2020 10:43 am
IMG-20200926-WA0001

বিশ্বত ক’ৰনা মহামাৰীৰ আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পোৱাৰ লগতে বাঢ়ি আছে মৃত্যুৰ সংখ্যাও। ইয়াৰ মাজতে আহিছে এটি ভাল খবৰ।

শিৱসাগৰৰ এগৰাকী ৯৮ বছৰীয়া আইতাই ক’ৰনাক জয় কৰি সুস্থ হৈ উভতি আহিছে ঘৰলৈ।

শিৱসাগৰ জিলাৰ বেতবাৰী মৌজাৰ বাকচু কোঁচ গাঁৱৰ ৯৮ বছৰীয়া এইগৰাকী আইতাৰ নাম খগেশ্বৰী বৰা।

শাৰিৰীকভাৱে যথেষ্ঠ অসুস্থ আইতাৰ শৰীৰত যোৱা ১৬ ছেপ্টেম্বৰত পোৱা গৈছিল কোভিড-১৯ পজিটিভ।

আইতাৰ লগতে তেওঁৰ পুত্ৰ,বোৱাৰী আৰু নাতিৰ শৰীৰতও পোৱা গৈছিল কোভিড পজিটিভ।

কিন্তু যোৱা ২০ চেপ্টেম্বৰত তেওঁৰ পুত্ৰৰ শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস পোৱাত পুত্ৰ-বোৱাৰী আৰু নাতি তিনিওকে প্ৰেৰণ কৰা হয় ডিব্ৰুগড় মেডিকেল কলেজলৈ।

২০ চেপ্টেম্বৰৰ পৰা ২৫ চেপ্টেম্বৰলৈকে শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ কোভিড ৱাৰ্ডত অকলে থাকি ক’ৰনাক প্ৰতিহত কৰিবলৈ সক্ষম হয় প্ৰচণ্ড মানসিক শক্তিৰ অধিকাৰী আইতা খগেশ্বৰী বৰা।

২৫ ছেপ্টেম্বৰত আইতাগৰাকীক ঘৰলৈ অনা হয় আৰু কোভিডৰ সকলো নিয়ম-নীতি মানি এতিয়া আইতাই ঘৰতেই দিন কটাব।

শাৰিৰীকভাৱে যথেষ্ঠ অসুস্থ হোৱা সত্ত্বেও ক’ৰনাক জয় কৰি অহা এই গৰাকী আইতাৰ সাহসক সকলোৱে প্ৰশংসা কৰাৰ লগতে আশু আৰোগ্য কামনা কৰিছে বাকচুবাসীয়ে।