NORTHEAST NOW (Assamese)
উত্তৰ-পূব

আগৰতলা বিমানঘাটীত কাণে কাণ মাৰি সাৰিল ইণ্ডিগোৰ বিমান

Posted by: পিনাকী দাস September 24, 2018 1:05 pm
Representative-image.-Photo-credit-The-Financial-Express-750x375

ইণ্ডিগো এয়াৰালাইন্সৰ গুৱাহাটী-আগৰতলা ফ্লাইট-6E 465  এটা আৱশ্যম্ভাৱী দুৰ্ঘটনাৰ পৰা কাণে কাণ আৰি সাৰিল। ঘটনাৰ বিৱৰণি মতে আগৰতলাৰ পৰা গুৱাহাটীলৈ যাত্ৰা কৰিবলগীয়া উক্ত বিমানখনৰ  (ভূতপূৰ্ব আগৰতলা বিমানঘাটী) ইঞ্জিনত এটা চৰাই সোমাই যায়।আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমান বন্দৰত ফ্লাইট-6E 465এ ঠিক যাত্ৰা কৰাৰ আগমুহূৰ্ততেই এই ঘটনাটো ঘটে।

ঘটনাটোৰ পাছত বিমানখন টেক্সি এলেকালৈ লৈ যোৱা হয়।

বিমানঘাটীটোৰ সূত্ৰত প্ৰকাশিত হোৱা মতে বিমানখনৰ কোনো  যাত্ৰীয়েই আঘাত পোৱা নাই।

বিমানঘাটীটোৰ টাৰ্মিনেল মেনেজাৰ জে হাওকিপে জনাইছে যে কাৰিকৰী বিষয়ববীয়াসকলে বিমানখনৰ খুটি-নাটি পৰীক্ষা কৰাৰ পাছত সকলো যাত্ৰীকেই বিমানৰ পৰা নমাই দিয়া হয়।

পৰৱৰ্তী সময়ত পুংখানুপুংখভাৱে পৰীক্ষা কৰাৰ পাছত একেখন বিমানেৰেই যাত্ৰীসকলক প্ৰেৰণ কৰা হয় বুলি টাৰ্মিনেল মেনেজাৰগৰাকীয়ে জনাইছে।