NORTHEAST NOW (Assamese)
অসম

ধোপৰতলৰ নাওখেল প্ৰতিযোগিতাত হাজোৰ ‘ৰাইজৰ আশীৰ্বাদ’ প্ৰথম

Posted by: এন ই নাও নিউজ October 25, 2018 4:34 pm
ধোপৰতলৰ নাওখেল প্ৰতিযোগিতাত হাজোৰ ‘ৰাইজৰ আশীৰ্বাদ’ প্ৰথম

মহানগৰীৰ পশ্চিম ধাৰাপুৰ ধোপৰতলত পৰম্পৰাগতভাৱে হিন্দু মুছলিমৰ মাজত ভাতৃত্ববোধ ৰক্ষাৰ উদ্দেশ্যৰে প্ৰতিবছৰে লক্ষী পূজা দিনাই ব্ৰহ্মপুত্ৰৰ বুকুত নাও খেল প্ৰতিযোগিতা হৈ আহিছে। ফলত পূৰ্বৰ দৰে এইবাৰো ২৪ অক্টোবৰৰ দিনা ব্ৰহ্মপুত্ৰৰ বুকুত নাওখেল প্ৰতিযোগিতা হয়।

এই নাও খেল প্ৰতিযোগিতাত কামৰূপ গ্ৰাম্য জিলাৰ প্ৰায় দহটা দলে এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰে। প্ৰতিযোগিতাখনত হাজো বৰ্ণিৰ ‘ৰাইজৰ আশীৰ্বাদ’ নামৰ নাওখনে প্ৰথম আৰু একে স্থানৰে ‘দীনদয়াল’ নামৰ নাওখনে দ্বিতীয় স্থান লাভ কৰে।

আনহাতে এই নাওখেল প্ৰতিযোগিতাত যাতে কোনো ধৰণৰ অঘটনমূলক কাৰ্য সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষী, নদী আৰক্ষী, এছ ডি আৰ এফ বাহিনী আৰু জিলা প্ৰশাসনে প্ৰতিযোগিতাখনত কাঢ়া নজৰ ৰাখিছিল।

বিগত ৩৫ বছৰ ধৰি অনুষ্ঠিত হৈ অহা এই নাওখেল প্ৰতিযোগিতাত খেল উপভোগ কৰাৰ উদ্দেশ্যৰে মহানগৰীৰ অগণন লোক সমবেত হয়।