NORTHEAST NOW (Assamese)
অসম

বৰপেটাত বিহাৰৰ পাটনাৰ পৰা অহা ভুৱা চিকিৎসক আটক

Posted by: আনিছুজ জামান August 18, 2018 10:24 pm

ৰাজ্যত ক্ৰমান্বয়ে বৃদ্ধি পাব ধৰিছে চিকিৎসকৰ দপদপনি। যোৰহাটত বৃহস্পতিবাৰে এজন চিকিৎসকে অপাৰেইশ্যন আধাতে এৰি ৰোগীক জীৱন-মৰণৰ সংকটলৈ থেলি দিয়াৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আজি পুনৰ বৰপেটাত এজন ‘মুন্নাভাই’ সদৃশ চিকিৎসক আটক হোৱা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

উল্লেখযোগ্য যে বিহাৰৰ পাটনাৰ অভিষেক পলিক্লিনিকৰ চিকিৎসক ডাঃ অৰুণ কুমাৰ প্ৰসাদৰ নামত পাকাবেতাৰীত মুল্লা মেডিকেল ষ্ট’ৰ নামৰ ফাৰ্মাচীত ৰোগী চাই আহিছিল।

কিন্তু স্থানীয় সাংবাদিকৰ এটা পাঁচজনীয়া দলে অনুসন্ধান চলাই চিকিৎসকগৰাকীক আজি ৰোগী চাই থকা অৱস্থাতে হাতে-লোটে ধৰা পেলায়। আনকি আজি সাংবাদিকৰ দলটোৰ আগত আজি অৰুণ কুমাৰে নিজকে ভুৱা চিকিৎসক বুলিও স্বীকাৰ কৰে।

পিছত সাংবাদিকৰ দলটোৱে স্থানীয় ৰাইজৰ সহযোগত ভুৱা চিকিৎসকজনক বৰপেটা আৰক্ষীক চমজাই দিয়ে।

আনহাতে এই ঘটনাত বৰপেটা চহৰৰ নিৰ্ক আৰু ফ’কাছ পৰীক্ষাগাৰ দুটাও জড়িত থকাৰ ঘটনা পোহৰলৈ আহিছে।

ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান চলোৱা সাংবাদিকৰ দলটোত আছিল ক্ৰমে আনিছুজ জামান, নজৰুল ইছলাম, ছাহেদ আলী আহমেদ, ৰফিকুল ইছলাম খান আৰু প্ৰদীপ কুমাৰ সৰকাৰ।